কোভিশ্বিল্ড ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, জানক সবিশেষ

 


কোভিশ্বিল্ড ভেকচিনৰ দ্বিতীয় পালি (Covishield Vaccine Second Dose) গ্ৰহণৰ নিয়মত এক ডাঙৰ পৰিৱৰ্তন কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ সমিতিয়ে প্ৰথম আৰু দ্বিতীয় পালিৰ মাজৰ নিম্নতম সময়ৰ ব্যৱধান চাৰি সপ্তাহ হ্ৰাস কৰিছে৷ বৰ্তমান প্ৰথম আৰু দ্বিতীয় পালিৰ মাজৰ ব্যৱধান আছিল ১২ৰ পৰা ১৬ সপ্তাহৰ ভিতৰত ৷ এতিয়া এই ব্যৱধান ৮ৰ পৰা ১৬ সপ্তাহলৈ হ্ৰাস কৰা হৈছে৷

অৰ্থাৎ কোভিশ্বিল্ডৰ প্ৰথম পালি গ্ৰহণ কৰাৰ ৮ সপ্তাহৰ পিছত যিকোনো লোকে দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰে৷ বিশেষজ্ঞ সমিতিয়ে ব্যাখ্যা কৰিছে যে কোভিশ্বিল্ডৰ দ্বিতীয় পালি গ্ৰহণ কৰাৰ কাৰ্যকৰিতা ৮ সপ্তাহৰ ভিতৰত শৰীৰত উপলব্ধ হ'ব৷ সেয়েহে ভেকছিনৰ দুটা পালিৰ মাজৰ সময়ৰ ব্যৱধান হ্ৰাস কৰা হৈছে৷ এই কথা সংবাদ সংস্থাত পিটিআইত প্ৰকাশ পাইছে।

উল্লেখ্য যে দেশত এতিয়াও ৬-৭ কোটি লোকে কোভিশ্বিল্ডৰ দ্বিতীয় পালি গ্ৰহণ কৰা নাই। দুয়োটা পালিৰ মাজৰ সময়ৰ ব্যৱধান হ্ৰাস কৰি এই ছয়ৰ পৰা সাত কোটি লোকৰ টিকাকৰণ কাৰ্যসূচীও দ্ৰুততাৰে সম্পূৰ্ণ কৰিব পাৰিব বুলি আশা কৰা হৈছে৷ যিহেতু বিশ্বৰ বিভিন্ন দেশত কোৰোনা ৰোগীৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে, সেয়েহে টিকাকৰণ কাৰ্যসূচী দ্ৰুতগতিত সম্পূৰ্ণ কৰাটো অতি গুৰুত্বপূৰ্ণ৷

অৱশ্যে, কোভিশ্বিল্ডৰ নিয়ম সলনি কৰিলেও কোভাক্সিন (Covaxin)ৰ বাবে নিয়মবোৰ একেই আছে। বৰ্তমানৰ নিয়ম অনুসৰি কোভাক্সিনৰ প্ৰথম পালি গ্ৰহণ কৰাৰ 28 দিন পিছত দ্বিতীয় পালিটো দিয়া হয়।

Post a Comment

0 Comments