ৰাহুলক শীৰ্ষত চাব বিচাৰে কংগ্ৰেছে! ছোনিয়াৰ ওচৰত আৰ্জি ৱৰ্কিং কমিটীৰ নেতাৰ

 


কোন দিশে কংগ্ৰেছ (Congress)? ৱৰ্কিং কমিটীৰ বৈঠকত কোনো দিশ নিৰ্দেশনা। কোনোৱে কয় ৰাহুল গান্ধীক (Rahul Gandhi) দলৰ সভাপতি পদত বিচাৰো। কোনোৱে আকৌ ডিঙি ফুলালে প্ৰিয়ংকা গান্ধীৰ (Priyanka Gandhi) সমৰ্থনত। বহুতে আকৌ ছোনিয়া গান্ধীকে সভানেত্ৰী পদত বিচাৰে। এনে অৱস্থাত দেওবাৰে ৫ ঘণ্টীয়া বৈঠকত কাৰ্যত কোনো সমাধান সূত্ৰ নোলাল।

ৱৰ্কিং কমিটীৰ বৈঠকৰ পিছত সংবাদ মেলত কে চি বেণুগোপালে কয়, ‘‘২০২২, ২০২৩ৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচন আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ প্ৰস্তুত কংগ্ৰেছ।’’ বিধানসভা নিৰ্বাচনৰ ফলাফল দলৰ পক্ষে উদ্বেগৰ কাৰণ বুলি জনোৱা হৈছে সংবাদমেলত। পঞ্জাবত দলে প্ৰতিষ্ঠানবিৰোধী ঢৌক ঠিকমতে কামত লগাব পৰা নাই বুলি ধাৰণা কৰিছে কংগ্ৰেছে। আগন্তুক দিনত সেই সকলো সমস্যা দূৰ হৈ যাব বুলি জনোৱা হৈছে দলৰ ফালৰ পৰা।

Post a Comment

0 Comments