ৰাজ্যসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীক বিশ্বাসঘাটকতা! ছিদ্দিক আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন

 


ৰাজ্যসভা নিৰ্বাচনত দলক কৰিলে বিশ্বাসঘাটকতা। বিধায়ক ছিদ্দিক আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন। বৃহস্পতিবাৰে সংবাদমেল যোগে এই কথা জনালে প্ৰদেশ কংগ্ৰেছে। ছিদ্দিক আহমেদক কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাই নিলম্বন কৰা হৈছে। \

উল্লেখ্য যে, ছিদ্দিক আহমেদে ইচ্ছাকৃত ভাবে নিজৰ ভোট কেনচেল কৰাইছিল। লগতে বিধায়ক পদ খাৰিজ কৰিবলৈ CLP ক  অনুৰোধ জনাইছে প্ৰদেশ কংগ্ৰেছে। ইফালে শশী কান্ত দাসৰ ভোট বাতিল কৰিব বাবে chief election commissioner লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

ইফালে সংবাদমেলত AIUDF দলকো তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ১৯জুলাইত আগৰৰ ব্যৱসায়ৰ সকলো প্ৰতিবন্ধকতা আঁতৰাবলৈ মুখ্যমন্ত্ৰীলৈ আজমলে পত্ৰ দিয়াৰ অভিযোগ ভূপেন বৰাৰ।

Post a Comment

0 Comments