কঠিন ষ্টাণ্ট কৰিবলৈ নিজকে কেনেকৈ প্ৰস্তুত কৰে টাইগাৰ শ্ৰফে! জানিলে আচৰিত হ’ব আপুনি

 


বলীউদৰ অভিনেতা টাইগাৰ শ্ৰফে (Tiger Shroff) বহু কম সময়ৰ ভিতৰতে নিজৰ মানুহৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। নিজৰ একশ্যন মুভ আৰু সুন্দৰ নৃত্যৰ বাবে টাইগাৰে দৰ্শকৰ অন্তৰ জয় কৰে। আগন্তুক দিনত টাইগাৰক গণপট–২ (Ganapath2), হিৰোপন্তী ২ (Heropanti 2), বড়ে মিয়া ছোটে মিয়া ( Bade Miyan Chote Miyan), ৰেম্ব’ (Rambo), বাঘী ৪ (Baaghi 4)ত দেখা যাব।

উল্লেখযোগ্য যে টাইগাৰক ইণ্ডাষ্ট্ৰীৰ আটাইতকৈ ফিট আৰু একশ্যম, মাৰ্চিয়েল আৰ্টছত এক্সপাৰ্ট অভিনেতাৰ ভিতৰত ধৰা হয়। বিপজ্জনক ষ্টাণ্টেই হওক বা সুন্দৰ নৃত্যশৈলীৰেই হওক অনুৰাগীৰ মন জয় কৰে টাইগাৰে। এইসকলোবোৰৰ বাবে খুব কষ্ট কৰে টাইগাৰে। টাইগাৰে এইসকলোবোৰ কেনেকৈ কৰে তাৰ পিষয়ে তেওঁৰ ট্ৰেইনাৰ ৰাজেন্দ্ৰ ঢোলেই প্ৰকাশ কৰিছে। টাইগাৰে নৃত্য, মাৰ্চিয়েল আৰ্টছ, ফিটনেছ, অভিনয় এইসকলোবোৰত নিজকে পাৰদৰ্শী বনাবলৈ কি কি কৰে সেই সকলোবোৰ প্ৰকাশ কৰে ট্ৰেইনাৰগৰাকীয়ে

সংবাদ মাধ্যমৰ সৈতে কথা–বতৰাত ট্ৰেইনাৰগৰাকীয়ে কয় যে টাইগাৰে কোনো ছবিৰ শ্বুটিঙত ব্যস্ত নাথাকিলে নিজকে ফিট ৰখা আৰু আন কামত গুৰুত্ব দিয়ে। তেওঁ আজৰি সময়ত কিক বক্সিঙৰ পৰা আৰম্ভ কৰি জিমনাষ্টিকলৈ কৰে। আচৰিত কথাটো হ’ল টাইগাৰে প্ৰতিদিনে ১২ ঘণ্টা পৰ্যন্ত নতুন প্ৰতিভাৰ প্ৰশিক্ষণ লয়। য’ত থাকে ডান্সৰ পৰা আৰম্ভ কৰি ৱেট লিফ্টিঙলৈ। তেওঁ কয় যে টাইগাৰে শ্বুটিঙৰ সময়তো নিজৰ ফিটনেছক গুৰুত্ব দিয়ে। শ্বুটিঙত কোনো জিম নাথাকে, গতিকে টাইগাৰে বডীৱেট ট্ৰেইনিং আৰু ডায়েটৰ প্ৰতি গুৰুত্ব দিয়ে। প্ৰতিদিনে জিম যোৱাৰ উপৰি তেওঁ ডান্স আৰু মাৰ্চিয়েল আৰ্টছৰ অনুশীলন কৰে।

Post a Comment

0 Comments