১ এপ্ৰিলৰ পৰা বাঢ়িব টোল টেক্স, চন্দ্ৰমোহন পাটোৱাৰীয়ে ক’লে – এয়া কেন্দ্ৰীয় চৰকাৰৰ বিষয়বস্তু

 


টোল গেটৰ মাচুল বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। মন্ত্ৰীগৰাকীয়ে কয়, ‘‘টোল গেটৰ মাছুল বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ বিষয়বস্তু। ৰাজ্য চৰকাৰৰ হাত নাই।’’

যান–বাহনৰ সামান্য অজুহাতত জৰিমনা বিহা হোৱা নাই বুলিও মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। কামৰূপ মহানগৰ জিলাই পৰিবহণ বিভাগৰ টাৰ্গেট সম্পূৰ্ণ কৰিব পৰা নাই বুলি মন্তব্য পাটোৱাৰীৰ।

উল্লেখযোগ্য যে ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব টোল টেক্স। বৰ্ধিত হাৰত টোল গেটত মাছুল দিব লাগিব ৰাইজে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১৫ শতাংশ বৃদ্ধি কৰিছে টোলৰ নিৰিখ। সোণাপুৰ, ৰহা, মদনপুৰ টোল গে’টৰ মাচুল বৃদ্ধি। গলিয়া, মান্দেৰদিছা, মিকিৰআটি গে’টতো বাঢ়িত টোল কৰ।

Post a Comment

0 Comments