অমৰনাথ যাত্ৰালৈ যাব বিচৰা সকলৰ বাবে সুখবৰ, দুবছৰৰ অন্তত ৩০জুনৰ পৰা আৰম্ভ হ'ব অমৰনাথ যাত্ৰা


 দুবছৰৰ বিৰতিৰ অন্তত অমৰনাথ যাত্ৰা (Amarnath Yatra) পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে । ইয়াৰ বাবে শ্ৰী অমৰনাথ শ্ৰাইন বোৰ্ডে ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ক'ৰোণা মহামাৰীৰ বাবে অমৰনাথ যাত্ৰা যোৱা দুবছৰ ধৰি বন্ধ আছিল।  এতিয়া পুনৰ ৩০ জুনত আৰম্ভ হ'ব অমৰনাথ যাত্ৰা। পুনৰ ভক্তসকলে ৪৩ দিনৰ বাবে দৰ্শন কৰিব পাৰিব মহাদেৱক। এই যাত্ৰা  ৰাখী বন্ধনলৈকে খোলা থাকিব । ভ্ৰমণৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া সোনকালেই আৰম্ভ হ'ব।

পঞ্জীয়ন কেতিয়া আৰম্ভ হ'ব?

জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰৰ কাৰ্যালয়ে যাত্ৰা আৰম্ভ হোৱাৰ বিষয়ে অৱগত কৰিছে। যাত্ৰাৰ সময়ত সকলো কোভিড প্ৰটোকল অনুসৰণ কৰাটো প্ৰয়োজনীয় হ'ব। যাত্ৰাৰ বাবে পঞ্জীয়ন এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু এদিনত সৰ্বাধিক ২০,০০০ লোকে পঞ্জীয়ন কৰিব পাৰিব। শ্ৰী অমৰনাথ শ্ৰাইন বোৰ্ডে শেহতীয়াকৈ এইকথা ঘোষণা কৰিছে।

কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে সশস্ত্ৰ সীমা বলে:

সশস্ত্ৰ সীমা বলৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাহুল সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি অমৰনাথ তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ, বোৰ্ডে এই বছৰৰ তীৰ্থযাত্ৰাৰ সময়ত বাহন আৰু তীৰ্থযাত্ৰীৰ চলাচল নিৰীক্ষণ কৰিবলৈ ৰেডিঅ' ফ্ৰিকুৱেন্সি চিনাক্তকৰণ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে, অমৰনাথ যাত্ৰালৈ যোৱা যাত্ৰীসকলক আক্ৰমণৰ বাবে প্ৰতিবাৰেই পাকিস্তানৰ মদতপিষ্ট উগ্ৰপন্থী সংগঠনে চেষ্টা চলায়।

Post a Comment

0 Comments