পৃথিৱীৰ আটাইতকৈ দূষিত ৰাজধানী হৈছে ভাৰতৰ দিল্লী ! এছিয়াৰ ১৫ খন আটাইতকৈ প্ৰদূষিত চহৰৰ ১১ খন আছে ভাৰতত ...

 


২০২১ চনত বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী হিচাপে পৰিগণিত হৈছে দিল্লী (Most Polluted Capital in World in 2021)। বিশ্ব বায়ু গুণমান প্ৰতিবেদন অনুসৰি (World Air Quality report), দিল্লীত সৰ্বাধিক গড় বাৰ্ষিক PM ২.৫ ঘনত্ব সৰ্বোচ্চ। লক্ষণীয়ভাৱে, দিল্লী বিশ্বৰ ১০৭ খন চহৰৰ তালিকাত শীৰ্ষস্থানত আছে।

একেৰাহে চতুৰ্থ বছৰৰ বাবে, দিল্লীয়ে বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী হিচাপে নিজৰ স্থান বজাই ৰাখিছে । এয়াই শেষ নহয়, ৫০ খন চহৰৰ ভিতৰত ৩৫ খন চহৰ য'ত বায়ুৰ মানদণ্ড আটাইতকৈ বেয়া, ভাৰততে অৱস্থিত। মঙলবাৰে চুইছ ফাৰ্ম IQAirএ প্ৰস্তুত কৰা আৰু ১১৭ খন দেশৰ ৬,৪৭৫ খন চহৰৰ PM২.৫ বায়ু গুণমানৰ তথ্যৰ ওপৰত আধাৰিত কৰি বিশ্ব বায়ু গুণমান প্ৰতিবেদন ২০২১ বিশ্বব্যাপী মুকলি কৰা হৈছে।

Post a Comment

0 Comments