কেঁচা বাদাম গীতত এইবাৰ নৃত্য কৰিলে অলিম্পিকত পদক বিজয়ী পি ভি সিন্ধুৱে, ভাইৰেল ভিডিও

 


বেকগ্ৰাউণ্ডত বাজিছে সেই বিখ্যাত গীত! সেই গীতত তুমূল নৃত্য কৰিছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে পি ভি সিন্ধু।

ভুবন বাদ্যকাৰৰ কেঁচা বাদাম এতিয়া ব্যাপক ভাবে চৰ্চিত ছচিয়েল মিডিয়াত। বলীউদৰ অভিনেত্ৰী, মডেলৰ পৰা সাধাৰণ নেট ইউজাৰ্ছলৈকে ৰীল ভিডিও খুলিলেই দেখা যায়, কেঁচা বাদাম শীৰ্ষক গীতত নৃত্য কৰা ভিডিও দেখা যায়।

এইবাৰ সেই গীতত নৃত্য কৰি ছচিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰিলে অলিম্পিকত পদক বিজয়ী বেডমিণ্টন খেলুৱৈ পিভি সিন্ধুৱে। ভিডিওটো মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে।

উল্লেখযোগ্য যে, বাদাম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ভুবন বাদ্যকাৰৰ এটা গান ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে সলনি হয় জীৱনৰ গতিপথ। তেওঁৰ গানৰ কথা আৰু কণ্ঠই ভাইৰেল কৰে তেওঁক। লাহে লাহে দাম বাঢ়িছে তেওঁৰ। বিভিন্ন স্থানত ইতিমধ্যে অনুষ্ঠান কৰাৰ সুযোগ পাইছে ভুবনে। বাদাম বিক্ৰী কৰা এৰি গানত লাগিব বুলিও তেওঁ শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল।

Post a Comment

0 Comments