১ এপ্ৰিলৰ পৰা বহুগুণে বৃদ্ধি পাব এইসমূহ বাহনৰ ৰেজিষ্ট্ৰেশ্যন ফীজ, জানি লওক সবিশেষ...

 


চৰকাৰে ১৫ বছৰতকৈ পুৰণি বাহনৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'বলৈ গৈ আছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ এক নিৰ্দেশ অনুসৰি, ১৫ বছৰতকৈ অধিক পুৰণি বাহনৰ পুনৰ পঞ্জীয়নৰ ব্যয় ১ এপ্ৰিলৰ পৰা আঠগুণ বৃদ্ধি হ'ব। এই নিয়মটো সেই ঠাইবোৰত প্ৰযোজ্য হ'ব য'ত ১৫ বছৰ পুৰণি পেট্ৰ'ল বাহন আৰু ১০ বছৰ পুৰণি ডিজেল বাহনপঞ্জীভুক্ত নহয় বুলি গণ্য কৰা হয়।

১ এপ্ৰিলৰ পৰা ১৫ বছৰ পুৰণি গাড়ী এখনৰ পঞ্জীয়ন নৱীকৰণ কৰিবলৈ ৫,০০০ টকা পৰিশোধ কৰিব লাগিব। বৰ্তমান এই মাচুল মাত্ৰ ৬০০ টকা। বিদেশী গাড়ীৰ বাবে, মাচুল ১৫,০০০ টকাৰ পৰা ৪০,০০০ টকালৈ বৃদ্ধি হ'ব। দুচকীয়া বাহনৰ পঞ্জীয়নৰ বাবে এজনে ৩০০ টকাৰ পৰিৱৰ্তে ১,০০০ টকা পৰিশোধ কৰিব লাগিব।

কেৱল সেয়াই নহয়, যদি পঞ্জীয়নত পলম হয়, জৰিমনা পৃথকে পৰিশোধ কৰিব লাগিব। ব্যক্তিগত বাহনৰ পঞ্জীয়নত পলম হ'লে, প্ৰতি মাহে ৩০০ টকা আৰু বাণিজ্যিক বাহনৰ বাবে পৃথকে ৫০০ টকা মাচুল ল'ব লাগিব।

মন্ত্ৰণালয়ৰ মতে, পুৰণি পৰিবহন আৰু বাণিজ্যিক বাহনৰ ফিটনেছ পৰীক্ষাৰ ব্যয়ও ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব। বাণিজ্যিক বাহন আঠ বছৰতকৈ অধিক পুৰণি হোৱাৰ পিছত ফিটনেছ প্ৰমাণপত্ৰ থাকিব লাগিব। টেক্সিৰ বাবে ফিটনেছ পৰীক্ষা মাচুল ১০০০ টকাৰ পৰিৱৰ্তে ৭,০০০ টকা হ'ব। বাছ আৰু ট্ৰাকৰ বাবে, মাচুল ১,৫০০ টকাৰ পৰা ১২,৫০০ টকালৈ বৃদ্ধি হ'ব।

কেন্দ্ৰীয় চৰকাৰে compliance fee বৃদ্ধি কৰিছে যাতে মালিকসকলে তেওঁলোকৰ পুৰণি বাহন পৰিত্যাগ কৰে আৰু ইয়াৰ লগে লগে প্ৰদূষণৰ মাত্ৰাও যাতে হ্ৰাস হয়। ভাৰতত এক কোটিতকৈও অধিক বাহনৰ পঞ্জীয়ন বাতিল হবলৈ গৈ আছে। কেন্দ্ৰই গাড়ীৰ মালিকসকলৰ বাবে পুৰণি বাহনবোৰ স্ক্ৰেপ কৰাটো সহজ কৰি তুলিবলৈ অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Post a Comment

0 Comments