সংবিধানত উল্লেখ নথকাকৈ কেনেকৈ দেশত মুছলমানসকলে লাভ কৰিলে সংখ্যালঘুৰ মৰ্যাদা?


 বাবৰি মছজিদ ধ্বংসৰ পিছত দেশত গঠন হৈছিল পি ভি নৰসিংহ ৰাওৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ। ১৯৯১ চনত শাসনৰ বাঘজৰী হাতত লোৱা কংগ্ৰেছ চৰকাৰে ১৯৯২ চনত গৃহীত কৰিছিল ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আইন ১৯৯২ । এই আইনে সংখ্যালঘুৰ সৰ্বব্যাপী সংজ্ঞা নিৰূপণ নকৰিলে । কিন্তু এই আইনে প্ৰদান কৰা ক্ষমতাৰ যোগেদি কেন্দ্ৰই মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চী সম্প্ৰদায়ৰ লোকক ৰাষ্ট্ৰীয় সংখ্যলঘুৰ মৰ্যাদা প্ৰদান কৰিছিল । অৰ্থাৎ কোনো ৰাজ্যত এই সম্প্ৰদায়ৰ লোকসকল সংখ্যাৰ দিশৰ পৰা সৰ্ববৃহৎ সম্প্ৰদায় হ'লেও সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব । উদাহৰণস্বৰূপে মেঘালয়ত খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ হ’লেও সেই ৰাজ্যত খ্ৰীষ্টানৰ সংখ্যালঘুৰ মৰ্যাদা কৰ্তন নহয় । অনুৰূপ ব্যৱস্থা মুছলমানৰ কাৰণে জম্মু কাশ্মীৰত (How did Muslims get minority status) ।

এই আইন কাৰ্যকৰী কৰিবলৈ দেশত গঠন হৈছিল ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ (National Commission for Minorities)। ভাৰতীয় সংবিধানে ধৰ্মীয় সংখ্যালঘুৰ  কোনোধৰণৰ সংজ্ঞা নিৰূপণ নকৰাৰ পৰিপ্ৰেক্ষিতত সংখ্যালঘু আয়োগৰ গঠনে এক সাংবিধানিক সংকটৰ সূচনা কৰিলে । অৱশ্যে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে তেনে সংকট নস্যাত কৰি ৰাষ্ট্ৰীয় সংখ্যালঘুৰ এক নতুন সংজ্ঞাৰ সূচনা কৰে ।

Post a Comment

0 Comments