বিশ্বৰ বৃহত্তম হিন্দু মন্দিৰ বনাবলৈ ২.৫ কোটিৰ ভূমি দান কৰিলে মুছলমান পৰিয়ালে!


বিহাৰৰ এটা মুছলমান পৰিয়ালে ৰাম মন্দিৰ (Virat Ramayan Mandir) নিৰ্মাণৰ বাবে ভূমি দান কৰি ধৰ্মীয় সম্প্ৰীতিৰ এক বিৰল উদাহৰণ গঢ়িলে। পৰিয়ালটোৱে ৰাজ্যখনৰ পূব চম্পাৰণ জিলাৰ কাইথৱালিয়া অঞ্চলত বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ - বিৰাট ৰামায়ণ মন্দিৰ (Virat Ramayan Mandir) নিৰ্মাণৰ বাবে ২.৫ কোটি টকা মূল্যৰ ভূমি দান কৰে ৷ সোমবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰকল্পটোৰ দায়িত্বত থকা পাটনাৰ মহাবীৰ মন্দিৰ ন্যাস (Mahavir Mandir Trust)ৰ মুৰব্বী আচাৰ্য কিশোৰ কুনালে  (Acharya Kishore Kunal) কয় যে এই ভূমি পূব চম্পাৰণৰ এজন ব্যৱসায়ী ইছতিয়াক আহমেদ খানে দান কৰিছে ৷

আচাৰ্য কিশোৰ কুনালে সাংবাদিকক কয়, "তেওঁলোকে বৰ্তমান কেচৰিয়া মহকুমা (পূব চম্পাৰণ)ত পঞ্জীয়কৰ কাৰ্যালয়ত মন্দিৰ নিৰ্মাণৰ বাবে তেওঁৰ পৰিয়ালৰ ভূমি দান সম্পৰ্কীয় সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে।"

Post a Comment

0 Comments