সুন্দৰ বলিঙেৰে বাংলাদেশক পৰাস্ত কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে, ছেমিত প্ৰৱেশৰ আশাও সজীৱ ...


 মহিলা ভাৰতীয় দলৰ (ICC Women's world cup 2022) মহিলা বিশ্বকাপ ২০২২ত যুৱ ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বাংলাদেশ (Ind W vs Ban W)ক পৰাস্ত কৰি ছেমি ফাইনেলৰ আশা সজীৱ কৰি ৰাখিছে। মিতালী ৰাজ এণ্ড কোম্পানীয়ে আজি ১১০ ৰাণত জয়লাভ কৰে৷ জয়ৰ বাবে বাংলাদেশে প্ৰয়োজনীয় ২৩০ ৰাণৰ লক্ষ্য লৈ ৪০.৩ অভাৰত ১১৯ ৰাণত আউট হয়৷

ভাৰতৰ অপেনাৰ শেফালী বাৰ্মাই স্মৃতি মান্ধানাৰ সৈতে ভাল আৰম্ভণি কৰে৷ কেইবাখনো মেচত দলত সুযোগ নোপোৱাৰ পিছত, তেওঁ পুনৰ ফৰ্মত আছে৷ ভাৰত বনাম বাংলাদেশ মেচত তেওঁ ৪২ টা বলত ৪২ ৰাণ কৰিছে৷ তাৰ পাছত যস্তিকা ভাটিয়াইও অৰ্ধশতক অৰ্জন কৰে৷  ৰিচা ঘোষ, পূজা বস্ত্ৰকাৰ, স্নেহ ৰাণা সকলোৱে কিছু পৰিমাণে ৰাণ সংগ্ৰহ কৰে৷ ভাৰতীয় দলটোৱে সন্মানজনক স্ক'ৰ অৰ্জন কৰে৷ তেওঁলোকে ৫০ অভাৰত ৭ উইকেটত ২২৯ ৰাণ সংগ্ৰহ কৰে৷

Post a Comment

0 Comments