মৰিয়নিত নিশা পত্নীক হত্যা কৰি পুৱা মৃতদেহ পুতিবৰ বাবে যো–জা স্বামীৰ


 মৰিয়নিৰ নকছাৰীত সংঘটিত হৈছে এটা নৃশংস হত্যাকাণ্ড। দেৱেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নাগিনীজান চাহ বাগিচাৰ বিলবস্তিত সংঘটিত হৈছে এই ঘটনা। বাগিচাখনৰ লক্ষীৰাম কৰ্মকাৰ নামৰ ব্যক্তিজনে যোৱানিশা পত্নী চম্বাৰী কৰ্মকাৰক অকথ্য শাৰীৰিক নিৰ্যাতন চলাই হত্যা কৰে।

মহিলাগৰাকীৰ দেহত দাৰে আঘাট কৰা লগতে গুপ্তাংগত জোঙা বাঁহেৰে আক্ৰমণৰ দৰে  নৃশংসতাৰে হত্যা কৰে স্বামী লক্ষীৰাম কৰ্মকাৰে। আনহাতে হত্যাকাৰী স্বামীয়ে নিশায়ে পত্নীক হত্যা কৰি পুৱা মৃতদেহটো পুতিবৰ বাবে যো–জা কৰোঁতে লক্ষীৰামৰ আচৰণ আৰু মৃতদেহটোৰ শৰীৰত গুৰুতৰ আঘাতৰ চিন থকাত চুবুৰীয়া লোকসকলে দেৱেৰাপাৰ আৰক্ষীক খবৰ দিয়ে (Husband killed his wife at Mariani)।

 

ঘটনাস্থলীত মৰিয়নি আৰু দেৱেৰাপাৰ আৰক্ষী উপস্থিত হৈ ঘৰৰ ভিতৰৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা লগতে পত্নীহন্তা স্বামী লক্ষীৰামক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে লক্ষীৰামে মদ্যপান কৰি আহি দীৰ্ঘদিনে পত্নী চম্বাৰী কৰ্মকাৰৰ লগত কাজিয়াত লিপ্ত হৈ অহাৰ লগতে  শাৰীৰিক নিৰ্যাতন চলাই আহিছিল বুলি মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে (Murder At mariani)।

আনহাতে কালি নিশা পতি-পত্নীৰ কাজিয়াই চূড়ান্ত ৰূপ লয় আৰু নৃশংস হত্যাৰ বলি হয় পত্নী চম্বাৰী কৰ্মকাৰ।এই ঘটনাই নাগিনীজান চাহ বাগিচাত চাঞ্চল্য সৃষ্টি কৰিছে।

Post a Comment

0 Comments