টোল গেটত বাঢ়িব মাছুল, পিছে জানেনে টোলগেটত কেতিয়া আপোনাৰ পৰা টোল ল'ব নোৱাৰে?


 ১ এপ্ৰিলৰ পৰা বাঢ়িব টোলগেট (Tollgate)ৰ মাছুল । বৰ্ধিত হাৰত টোল কৰ (Toll Tax) দিব লাগিব জনসাধাৰণে। ১০০ টকাত ১৫ টকাকৈ বাঢ়িছে টোল গেটৰ মাছুল। দেশজুৰি ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। কিন্তু আপুনি জানেনে টোলগেটৰ নিয়ম (Tollgate Rules) সমূহ? আপুনি জানেনে কেতিয়া আপোনাৰ পৰা টোল ল'ব নোৱাৰে টোলগেটত?

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণ (NHAI)ৰ নিয়ম অনুসৰি টোলগেটত ছাৰ্ভিচ টাইম (Service Time), মানে এখন গাড়ীৰ টোল লোৱাৰ সময় ১০ ছেকেণ্ডৰ অধিক হ'ব নোৱাৰিব। পীক সময়তো ১০ ছেকেণ্ডতকৈ অধিক সময় ল'ব নোৱাৰিব এখন টোলগেটত।

টোলগেটত এবাৰ অহা-যোৱাৰ কৰ দিয়াৰ ভেলিডিটী ২৪ ঘণ্টালৈ থাকে। যি সময়ত আপুনি টোল দিয়ে সেইসময়ৰ পৰা ২৪ ঘণ্টালৈ এবাৰত দিয়া টোলৰ ভেলিডিটী থাকে। বহুতে তাৰিখ আৰু বাৰ চাই ভুল কৰে।

NHAIৰ গাইডলাইন অনুসৰি অনুসৰি টোলগেটত গাড়ীৰ লাইন ১০০ মিটাৰতকৈ অধিক হ'লে আপুনি টোল নিদিয়াকৈ পাৰ হ'ব পাৰে। ইয়াৰ বাবে টোল বুথৰ পৰা ১০০ মিটাৰ দূৰত এটা হালধীয়া চিনেৰে চিহ্নিত কৰিব লাগিব। এই হালধীয়া চিনৰ বাহিৰত আপুনি ৰ'বলগীয়া হ'লে টোল নিদিয়াকৈ যাব পাৰে। কাৰণ চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথত চালকৰ যাতে হাৰাশাস্তি নহয় তাৰ বাবে কঠোৰ নিৰ্দেশ দিছে।

Post a Comment

0 Comments