'দ্যা কাশ্মীৰ ফাইলছ' চাবলৈ অধ্যাপক-কৰ্মচাৰীক অৰ্ধছুটি দিব গুৱাহাটী বিশ্ববিদ্যালয়ে

 


গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত অধ্যাপক-কৰ্মচাৰীসকললৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিশেষ ঘোষণা। সমগ্ৰ দেশজুৰি চৰ্চাত থকা 'দ্যা কাশ্মীৰ ফাইলছ' চাবলৈ অধ্যাপক-কৰ্মচাৰীক অৰ্ধছুটি দিব বিশ্ববিদ্যালয়ে।

এই সন্দৰ্ভত  বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এখন জাননী  তেওঁলোকৰ অফিচিয়েল ৱেবচাইটত আপলোড কৰে। যোৱা ১৭ মাৰ্চ তাৰিখে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে দিয়া নিৰ্দেশনা নং GAG (B). 152/202/44ৰ  ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই জাননী আগবঢ়াইছে।

উক্ত জাননী অনুসৰি চলচিত্ৰখন চাবলৈ বিচৰা অধ্যাপক-কৰ্মচাৰীয়ে কৰ্তৃপক্ষৰ পৰা আগতীয়াকৈ অনুমতি ল'ব লাগিব আৰু চলচিত্ৰখন চাই সেই টিকট পাছদিনাই কাৰ্যালয়ত জমা দিব লাগিব। সেই টিকট জমা দিলেহে উক্ত দিনটোৰ অৰ্ধছুটী গণ্য কৰা হ'ব।

মন কৰিবলগীয়া কথা যে  'দ্যা কাশ্মীৰ ফাইলছ'  চাবলৈ লাভ কৰা এই অৰ্ধছুটী আন সাধাৰণ অধিকাৰপ্ৰাপ্ত ছুটীতকৈ অতিৰিক্ত অৰ্ধছুটি হ'ব বুলি জাননীখনত উল্লেখ কৰা হৈছে।

Post a Comment

0 Comments