ৰোহিত শৰ্মাক ১২লাখ টকাৰ জৰিমণা, দিল্লী কেপিটেলছক ৰুধিব নোৱাৰিলে ৰোহিত শৰ্মাৰ মুম্বাই বাহিনীয়ে ...

 


মুম্বাই ইণ্ডিয়ানছে আই পি এল ২০২২ ৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছৰ হাতত পৰাজিত হৈছে। প্ৰতিপক্ষক জয়ৰ বাবে ডাঙৰ লক্ষ্য বান্ধি দিয়াৰ পিছতো মুম্বাই এই খেলখনত এক ৰোমাঞ্চকৰ ধৰণে পৰাজিত হয়। এই পৰাজয়ৰ সৈতে, দলটোৱে আন এক আঘাতৰ সন্মুখীন হৈছে। দলৰ অধিনায়ক ৰোহিত শৰ্মাক লেহেমীয়া গতিৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে।

দেওবাৰে খেলা আই পি এলৰ খেলখনত মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মাক তেওঁৰ লেহেমীয়া গতিৰ অভাৰৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে। "মুম্বাইৰ ব্ৰেবোৰ্ণ ষ্টেডিয়ামত ২৭ মাৰ্চত দিল্লী কেপিটেলছৰ বিৰুদ্ধে টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২২ ৰ খেলৰ সময়ত লেহেমীয়া অভাৰ-ৰেট বজাই ৰখাৰ বাবে মুম্বাই ইণ্ডিয়ানছক জৰিমনা বিহা হৈছে," আই পি এলে এক প্ৰেছ বিজ্ঞপ্তিত এইদৰে জনাইছে।

Post a Comment

0 Comments