ফাকুৱা খেলি হাত-ভৰি ধুবৰ বাবে বাথৰুমত সোমাই মৃত্যুমুখত নৱদম্পতী, মাত্ৰ ৪ মাহ পূৰ্বে হৈছিল বিবাহ


 ফাকুৱা খেলি হাত-ভৰি ধুবলৈ বাথৰুমত সোমাই এটা নৱদম্পতী। কিন্তু বহু সময় ধৰি বাহিৰলৈ ওলাই নহাত পৰিয়ালে প্ৰত্যক্ষ কৰে অচেতন অৱস্থাত পৰি থকা। ফাকুৱা খেলি হাত-ভৰি ধুবলৈ গৈ বাথৰুমত মৃত্যুক আঁকোৱালি লোৱা নৱদম্পতীটোৰ বাতৰিয়ে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে হাৰিয়ানাত (Haryana)।

হাৰিয়ানাৰ কৰ্ণালৰ ঘাৰাউণ্ডাৰ বাথৰুমত শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰে দম্পতীটো (couple dies of suffocation)। মৃত্যুমুখত পৰা গৌৰৱ আৰু শিল্পাই মাত্ৰ চাৰি মাহ আগতে বিবাহপাশত আৱদ্ধ হৈছিল। শুকুৰবাৰে হোলী উৎসৱ উদযাপন কৰাৰ পিছত তেওঁলোক বাথৰুমলৈ যায় আৰু গেছ লিক হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

Post a Comment

0 Comments