মাইক্ৰ’ৱেভৰ ভিতৰত দুমহীয়া শিশু কন্যাৰ মৃতদেহ! মাতৃয়ে হত্যা কৰিলে কন্যাক!

 


মাইক্ৰ’ৱেভৰ ভিতৰত ওলাল দুমহীয়া শিশু কন্যাৰ মৃতদেহ। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে দক্ষিণ দিল্লীৰ চিৰাগ দিল্লী অঞ্চলত। সোমবাৰে দুপৰীয়া উদ্ধাৰ হয় শিশু কন্যাটিৰ মৃতদেহ। শিশুটিৰ পিতৃ–মাতৃ গুলছন কৌশিক আৰু ডিম্পল কৌশিকক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

দিল্লী আৰক্ষীৰ এক জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতিৰে এনডিটিভিয়ে দাবী কৰিছে, ঘটনাত প্ৰাথমিকভাৱে শিশুটিৰ মাতৃকে সন্দেহ কৰা হৈচে। কাৰণ শিশু কন্যা জন্ম পোৱা বাবে আৰম্ভণিৰে পৰা হতাশ হৈ আছিল মহিলাগৰাকী।

আটকাধীন দম্পতীৰ এটি চাৰি বছৰীয়া পুত্ৰ সন্তানো আছে। বিগত জানুৱাৰী মাহত ডিম্পলে জন্ম দিছিল এটি কন্যা শিশু।

প্ৰতিৱেশী এজন লোকে শিশু কন্যাৰ মৃত্যুৰ খবৰ আৰক্ষীক জনায়। লোকজনৰ দাবী, ঘটনাৰ পিছৰে পৰা নিজকে ঘৰত তলাবন্ধ কৰি ৰাখে ডিম্পল নামৰ মহিলাগৰাকীয়ে। ইয়াৰ পিছত ডিম্পলৰ শাহুৱেকে চিঞৰ–বাখৰ কৰাত প্ৰতিৱেশীয়ে ঘটনাটো জানিব পাৰে।

প্ৰতিৱেশীৰ মতে, ‘গ্লাছ ভাঙি আমি ঘৰত প্ৰৱেশ কৰি মহিলাগৰাকী আৰু পুত্ৰ অচেতন অৱস্থাত পৰি আছে। কিন্তু দুমহীয়া সন্তানক দেখা পোৱা নাছিলো!’

Post a Comment

0 Comments