বিলুপ্তিৰ দিশে টোকোৰা চৰাই ! ক্ৰমাৎ কিয় নোহোৱা হ'বলৈ লৈছে গছত ওলমি থকা বাহ সজা এই প্ৰজাতিৰ চৰাই ?

 




বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয় যাত্ৰাত সম্প্ৰতি আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে টোকোৰা চৰাই। সময় থাকোতেই সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে  বাৰীৰ কোনোবা এচুকৰ কুঁহিয়াৰ আৰু তামোলৰ পাতত ওলমি ওলমি বাঁহ সাজি কিৰিলি মাৰি থকা চৰাইবিধ আমাৰ মাজৰ পৰা হেৰাই যাব !

বিনন্দীয়া প্ৰকৃতিৰ অপূৰ্ব সূষ্টি গছবৃক্ষত এতিয়া চৰাইৰ কাকলি।  মানৱে প্ৰকৃতিৰ ধ্বংস কৰা বিপৰীতে অজান চৰাইয়ে সুৰক্ষিত স্থানত বাহ সাজি আশ্ৰয় লৈছে প্ৰকৃতিৰ বুকুত। তাৰ ভিতৰত অন্যতম টোকোৰা চৰাই।
কোনো কোনো ঠাইত এই চৰাইবিধক তাঁতী চৰাই  বুলিও জনাজাত। অসমৰ গ্ৰাম্য অঞ্চলত সততে দেখিবলৈ পোৱা এই চৰাইবিধে বিশেষকৈ তামোল গছ আৰু কুঁহিয়াৰ গছত সুন্দৰকৈ বাহ সাজি বসবাস কৰে। বসন্তৰ আগমনৰ লগে  টোকোৰা চৰায়ে নিজৰ জীৱনচক্ৰ বৰ্তাই ৰখাৰ উদ্দেশ্যে আৰম্ভ কৰে বাহ সজাৰ কাম। মানুহৰ সংগৰ পৰা নিৰ্দিষ্ট দূৰত্বত বসতি কৰা চৰাইবিধৰ বাহ সজাৰ কলা কৌশল সঁচাকৈ আকৰ্ষণীয়।

Post a Comment

0 Comments