এপ্ৰিলৰ পৰা দাম বাঢ়িব ঔষধৰ! পেৰাচিটামল, এণ্টিবায়’টিকসহ বৃদ্ধি পাব ৮০০ বিধ ঔষধৰ দাম!

 


পেট্ৰ’ল–ডিজেল, ৰন্ধন গেছ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পিছত এইবাৰ দাম বাঢ়িব ঔষধৰ। কোৰোণাৰ পিছৰে পৰা ঔষধৰ দাম বৃদ্ধিৰ দাবী কৰি আহিছিল ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহে। এইবাৰ সেই দাবী মানি একাংশ ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখযোগ্য যে একাংশ ঔষধৰ দাম নিয়ন্ত্ৰণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে সেই ঔষধসমূহৰ দাম বৃদ্ধি কৰা নহয়। এই ঔষধসমূহৰ দাম বৃদ্ধিৰ অনুমতি দিয়া হৈছে। যাৰ ফলত এপ্ৰিলৰ পৰাই খৰচ বাঢ়িব সাধাৰণ মানুহৰ। সাধাৰণ মানুহৰ ঘৰত সাধাৰণতে ঔষধৰ ষ্টকত পেৰাচিটামল, পেইনকিলাৰৰ দৰে প্ৰয়োজনীয় ঔষধ আৰু নানা এণ্টিবায়’টিক থাকে। এইবাৰ এই ঔষধসমূহৰ বাবে অধিক দাম ভৰিব লাগিব জনসাধাৰণে। ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ঔষধৰ দাম।

Paracetamol 650ৰ ১৫টা টেবলেটৰ দাম বৰ্তমান ৩০.৯১ টকা। ১০ শতাংশৰ অধিক দাম বৃদ্ধি হ’লে এই ঔষধৰ পাত্তাৰ দাম হ’বগৈ ৩৪ টকা। একেদৰে এণ্টিবায়টিকৰ দামো বৃদ্ধি পাব। এইক্ষেত্ৰত ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহক সেউজ সংকেত দিয়া হৈছে বুলি জনা গৈছে। ১০ শতাংশৰো অধিক বৃদ্ধি হ’ব ঔষধৰ দাম।

দাম বৃদ্ধি পোৱা ঔষধৰ তালিকাত থাকিব পাৰে পেৰাচিটামলৰ পৰা আৰম্ভ কৰি হাই ব্লাড প্ৰেছাৰ আৰু চৰ্মৰোগৰ ঔষধো। মুঠ ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি পাব বুলি জনা গৈছে।

Post a Comment

0 Comments