পি ভি সিন্ধুৱে জয় কৰিলে ছুইছ অ'পেন ২০২২, বছৰটোৰ দ্বিতীয়টো খিতাপ জয়

 


দেশৰ আগশাৰীৰ শ্বাটলাৰ পি ভি সিন্ধু (PV Sindhu)ৱে দেওবাৰে ছুইছ অপেন ছুপাৰ (Swiss Open Super 300, 2022) বেডমিণ্টন টুৰ্ণামেণ্টৰ খিতাপ জয় কৰিলে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফাইনেলত থাইলেণ্ড (Thailand)ৰ বুচানান অংবামৰুংফান (Busanan Ongbamrungphan)ৰ বিৰুদ্ধে পোনপটীয়া খেলত জয়লাভ কৰি ছিজনৰ দ্বিতীয়টো মহিলা একক খিতাপ অৰ্জন কৰিছে।

দুবাৰ অলিম্পিক পদক বিজয়ী (Olympic medallist) সিন্ধুৱে  প্ৰতিযোগিতাখনত ক্ৰমাগত দ্বিতীয়খন ফাইনেল খেলিছে। বাছেলৰ ছেইণ্ট জেকবচালেত চতুৰ্থ স্থানৰ থাইলেণ্ডৰ বুচানানক ২১-১৬, ২১-৮ ব্যৱধানত পৰাস্ত কৰে। এই খিতাপ জয় কৰিবলৈ ৪৯ মিনিট সময় লয় সিন্ধুৱে।

১৭ খন খেলত বুচানানৰ বিৰুদ্ধে সিন্ধুৰ এইয়া ১৬ তম জয় আছিল। ২০১৯ৰ হংকং অপেনত কেৱল এবাৰহে থাই খেলুৱৈগৰাকীৰ হাতত পৰাজিত হৈছিল সিন্ধু। সিন্ধুৰ এই সাফল্যত গৌৰৱান্বিত হৈ দেশৰ প্ৰধআন মন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi) ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)য়ো অভিনন্দন জনাইছে।

পুৰুষৰ একক ফাইনেলত, এইচ এছ প্ৰণয়ে জোনাটান ক্ৰিষ্টিৰ বিৰুদ্ধে 10-21, 18-21 ত যুঁজত পৰাজিত হয়।

Post a Comment

0 Comments