চেঞ্চুৰীৰ দিশে পেট্ৰ’ল–ডিজেলৰ দাম, ৬ দিনত ৫বাৰ দাম বৃদ্ধি, কিমান বৃদ্ধি পালে আজি?


 পুনৰ বাঢ়িল পেট্ৰ’ল আৰু ডিজেলৰ দাম। ৬ দিনত ৫বাৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম। আজি গুৱাহাটীত পেট্ৰ’লত ৫৭ পইচা আৰু ডিজেলত বৃদ্ধি পালে ৬০ পইচা। আজি মহানগৰীত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৯৮ টকা ৬৭ পইচা। আনহাতে, ডিজেলৰ প্ৰতিলিটাৰত মূল্য ৮৪ টকা ৭৯ পইচা।

পেট্ৰ'ল আৰু ডিজেলৰ মূল্য চৰকাৰী তেল কোম্পানীবোৰে প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰে৷ পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন, ভেট আৰু অন্যান্য মাচুল যোগ দিয়াৰ পিছত, গ্ৰাহকসকলে প্ৰায় দুগুণ মূল্যত তেল ক্ৰয় কৰিব লগীয়া হয়।

এছএমএছৰ জৰিয়তে পেট্ৰ'ল আৰু ডিজেলৰ দৈনিক মূল্য সহজে জানিব পাৰি৷ ইণ্ডিয়ান অইলৰ গ্ৰাহকসকলে 9224992249 নম্বৰত আৰ এছ পি লিখি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য জানিব পাৰিব, বিপিচিএল ৰ গ্ৰাহকসকলে আৰএছপি লিখি 9223112222 নম্বৰলৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য জানিব পাৰিব৷ এইচপিচিএল ৰ গ্ৰাহকসকলে এইচপিপ্ৰাইচ লিখি 9222201122 নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰি মূল্য জানিব পাৰিব৷

Post a Comment

0 Comments