NRCৰ পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অসম চৰকাৰ, জনালে মন্ত্ৰী অতুল বৰাই

 


শেহতীয়াকৈ ৰাজ্যত পুনৰ চৰ্চা লাভ কৰিছে এন আৰ চিৰ প্ৰসংগই। বৃহস্পতিবাৰে এই সন্দৰ্ভত আছুৰ নেতৃত্বৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে অসম চৰকাৰে। বৈঠকৰ অন্তত কৃষিমন্ত্ৰী অতুল বৰাই কয় যে, ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এএনআইৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী বৰাই কয়, "সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য জনগোষ্ঠীয় সংগঠনৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। আমি ২০১৯ চনৰ আগষ্টত প্ৰকাশিত এন আৰ চিৰ তালিকা গ্ৰহণ নকৰো। এতিয়া আমি পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লৈছো।"

উল্লেখ্য যে, অসম চৰকাৰ আৰু আছুৰ নেতৃত্বৰ মাজত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত বৃহস্পতিবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল।

আনহাতে, আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, 'এন আৰ চিৰ অন্তিম তালিকাত বহুতো অবৈধ বাংলাদেশী লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু আমি এখন অবৈধ বাংলাদেশী মুক্ত এন আৰ চি বিচাৰো।'

ইফালে বৃহস্পতিবাৰে অনুষ্ঠিত বৈঠকত অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ সন্দৰ্ভতো বিশদ ভাবে আলোচনা কৰা হয়। লগতে সমস্যাৰ স্থায়ী সমাধানৰ বাবে আকৌ আলোচনাত বহাৰ পোষকতা কৰে।

Post a Comment

0 Comments