মৰ্টন খাই চাৰি কণমানিৰ মৃত্যু, মুখ্যমন্ত্ৰীয়ে দিলে তদন্তৰ নিৰ্দেশ


 উত্তৰ প্ৰজদেশৰ কুশীনগৰত বুধবাৰে পুৱা মৰ্টন খোৱাৰ ফলত একেটা পৰিয়ালৰ চাৰি শিশুৰ মৃত্যু হয়। মৃত শিশুকেইটাৰ ভিতৰত দুটি কন্যা সন্তান। একেলগে চাৰিটা শিশুৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত। আনহাতে, মৰ্টন খোৱাৰ ফলত শিশুৰ মৃত্যু হোৱা ঘটনাৰ বুজ লৈ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদানৰো আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।

এই ঘটনা কুশীনগৰৰ কছয়া থানাৰ অন্তৰ্গত কুৰৱা ওৰফে দিলীপনগৰৰ লঠউৰ টোলাৰ। প্ৰাপ্ত খবৰ মতে, এগৰাকী মহিলাই পুৱা নিজৰ ঘৰৰ দুৱাৰমুখত ঝাড়ু দি আছিল। সেই সময়তে এটা পলিথিনত কেইটামান মৰ্টন দেখা পায়। ইয়াৰে তিনিটা মৰ্টন নিজৰ নাতি–নাতিনী আৰু এটা মৰ্টন প্ৰতিৱেশীৰ শিশুক খাবলৈ দিয়ে। এই মৰ্টন খোৱাৰ পিছতে চাৰিওটা শিশু অচেতন হৈ মাটিত ঢলি পৰে।

শিশুকেইটাৰ এই অৱস্থা দেখাত গাঁৱৰ লোকে শীঘ্ৰে এম্বুলেঞ্চলৈ ফোন কৰে, কিন্তু বহু সময়লৈ এম্বুলেঞ্চ নহাত বাইকত বহুৱাই জিলা হাস্পতাললৈ নিয়া হয়। হাস্পতালত চিকিৎসকে চাৰিওটা শিশুকে মৃত ঘোষণা কৰে। মৃত শিশুকেইটাৰ বয়স ২ৰ পৰা ৫ বছৰৰ ভিতৰত।

গাঁওবাসীৰ মতে, দুৱাৰমুখত কোনোবাই থৈ যোৱা মৰ্টনকেইটা বিষাক্ত আছিল। কোৱা হৈছে যে সেই মৰ্টনত পৰা মাখিও মৰি আছিল।

Post a Comment

0 Comments