গোৱা আৰু মণিপুৰত কাৰ হ’ব চৰকাৰ? ভোটগণনা আৰম্ভ


 দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা হ’ব। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। গোৱা আৰু মণিপুৰত কোনে চৰকাৰ গঠন কৰিব তাক লৈ চলিছে জল্পনা–কল্পনা।

দুয়োখন ৰাজ্যতে অব্যাহত আছে ভোটগণনা প্ৰক্ৰিয়া। গোৱাৰ ৪০খন বিধানসভা আসনৰ বাবে বিজেপি, কংগ্ৰেছ, আপ, টিএমচিৰ লগতে মহাৰাষ্ট্ৰবাদী গোমান্তক পাৰ্টী (MGP), গোৱা ফৰৱাৰ্ড পাৰ্টী (GFP) আৰু শিৱসেনাৰ ৩০১জন প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত নামিছে।

আনহাতে, মণিপুৰত ৬০খন বিধানসভা আসনৰ নিৰ্বাচনী ফলাফলো আজি ঘোষণা হ’ব। ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰিবনে কংগ্ৰেছে? মণিপুৰত যোৱাবাৰ এন বীৰেন সিঙে চৰকাৰ গঠন কৰিছিল যিয়ে ২০১৬ বৰ্ষত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল।

আজি ভোটগণনাৰ পূৰ্বে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ইম্ফলৰ গোবিন্দজী মন্দিৰ দৰ্শন কৰে। ভগৱানৰ আশীৰ্বাদ লৈ নিজৰ দিনটো আৰম্ভ কৰে এন বীৰেন সিঙে।

Post a Comment

0 Comments