দেখিবলৈ ক'লা এই খাদ্যবোৰে শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখে ! জানো আহক ইয়াৰ উপকাৰিতা ...

 


স্বাস্থ্যৰ বাবে সেউজীয়া পাচলিৰ তুলনা নাই। কিন্তু ক'লা খাদ্যকো উপেক্ষা কৰিব নোৱাৰি। কিয়নো ক'লা, নীলা, বেঙুনীয়া খাদ্যত 'এন্থোচাইনিন' থাকে, যি হৃদৰোগ, কিছুমান কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ই ছালৰ উজ্জ্বলতাও বজাই ৰাখে।

পুষ্টি হিচাপে ক'লা চাউলৰ দীৰ্ঘদিনীয়া আদৰ ৷ বগা চাউলতকৈ ক'লা চাউল ৰখাটো অলপ কঠিন৷ আপুনি গাখীৰ, ফল, বাদাম, মৌ মিহলি কৰি ৰাতিপুৱাৰ আহাৰত ক'লা চাউল খাব পাৰে৷ এণ্টিঅক্সিডেণ্ট, আঁহৰ প্ৰাচুৰ্যৰ বাবে ই কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয়৷ ।

ক'লা ৰঙৰ মাহৰ দাইলৰ প্ৰথা দীৰ্ঘদিন ধৰি ভাৰতীয় ৰন্ধনত চলি আহিছে৷ শতিকা ধৰি মাটি মাহৰ দাইলেৰে বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰা হৈছে৷ আঁহ, আইৰণ, ফলেট, প্ৰ'টিনসমৃদ্ধ এই দাইল শৰীৰৰ বাবে অতি উপকাৰী৷ ।

আঞ্জিৰৰ গুণাগুণে শৰীৰৰ হাড়ৰ গঠন শক্তিশালী কৰে৷ ডায়েবেটিচ ৰোধ কৰিবলৈ আপুনি শুকান আঞ্জিৰ খাব পাৰে৷ শুকান খেজুৰ বা কিচমিছতকৈ ই যথেষ্ট কম মিঠা৷ ৰন্ধাৰ আগতে দহ মিনিটৰ বাবে শুকান আঞ্জিৰ পানীত তিয়াই ৰাখক৷

বগা নহৰু এটা নিৰ্দিষ্ট সময়ৰ বাবে ৰন্ধা হ'লে ক'লা নহৰু উৎপাদন কৰা হয়৷ ইয়াৰ গোন্ধ অলপ কম হয়৷ কিন্তু লাভালাভৰ ক্ষেত্ৰত ক'লা নহৰু বগা নহৰুতকৈ বহু আগুৱাই যায়৷

Post a Comment

0 Comments