সাংসদ অজিত কুমাৰ ভূঞাক আধুনিক 'মীৰজাফৰ', অখিল গগৈ-লুৰিণজ্যোতি গগৈক 'জয়চান্দ' আখ্যা বিজেপিৰ

 


বিজেপিৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বােধন কৰি দলৰ ৰাজ্যিক মুখপাত্র পৱিত্র মাৰ্ঘেৰিটাই কয় যে পৌৰসভা আৰু মাজুলী বিধানসভাৰ উপ-নির্বাচনত কাক ভােট প্রদান কৰিব, ৰাইজে ইতিমধ্যেই সিদ্ধান্ত গ্রহণ কৰিছে। এই ভােটদান হ’ব মাজুলী তথা প্রতিখন চহৰৰ অবিৰত বিকাশৰ সপক্ষে ৷

৮০ টা পৌৰসভা নিবাসী আৰু মাজুলীবাসী প্রতিজন নাগৰিকক ব্যাপক হাৰত ভােটদান কৰি গণতন্ত্রক শক্তিশালী কৰিবৰ বাবে ভাৰতীয় জনতা পার্টী, অসম প্রদেশৰ হৈ মুখপাত্ৰ মাৰ্ঘেৰিটাই আহ্বান জনোৱাৰ একে সময়তে জাতীয়তাবাদৰ প্রসংগেৰে অসম চৰকাৰ আৰু ভাৰতীয় জনতা পার্টীক কটু সমালােচনা কৰা সাংসদ অজিত ভূঞাৰ (MP Ajit Kumer Bhuyan) অভিযােগৰ প্রত্যুত্তৰত তেওঁ কয়- "আই এম ডি টি আইন (IMDT Act) বাতিলকৰণৰ বিৰােধিতাৰে জন্ম লােৱা এ আই ইউ ডি এফক তথা আজমলৰ শৰণাপন্ন হৈ সাংসদ হােৱা ভূঞাদেৱে অসমৰ ভাষা-সংস্কৃতি-ইতিহাস তথা জাতীয়তাবাদৰ বিষয়ে এটা কথা কোৱাৰাে কোনাে অধিকাৰেই নাই। কেৱল আসন আৰু শাসনৰ বাবে জাতীয়তাবাদী সত্তাক বিশ্বাসঘাতকতা কৰা অজিত ভূঞাদেৱ প্রকৃততে এজন আধুনিক যুগৰ ‘মীৰজাফৰ’। ঐতিহাসিক পলাচী যুদ্ধত বহতীয়া নৱাব হােৱাৰ স্বাৰ্থতেই নিজে সেনাপতি হৈয়াে মিৰজাফৰে চিৰাজৌদুল্লাক বিশ্বাসঘাতকতা কৰি ৰবার্ট ক্লাইভ নেতৃত্বাধীন ইংৰাজ বাহিনীক সহায় কৰি সমগ্র দেশ ইংৰাজ কোম্পানীৰ শাসনাধীন কৰাৰ পথ প্রশস্ত কৰিছিল। তদ্রুপ কার্যত ব্রতী অজিত ভূঞাদেৱে জাতীয়তাবাদী বচন আওৰাই এক কৌতুকলৈ নিজকে পর্যবসিত কৰিছে।"

Post a Comment

0 Comments