আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। অ’বামাই নিজেই ছচিয়াল মিডিয়াযোগে জনাইছে এই কথা। বাৰাক অ’বামাই এক টুইটত লিখিছে, ‘‘মই কোৰোণাত সংক্ৰমিত। কিছুদিন ধৰি মোৰ ডিঙিত সমস্যাৰ সৃষ্টি হৈছিল কিন্তু মই ভাবিলো যে এয়া আন কিবা। মিছেল আৰু মই কোৰোণা ভেকচিনৰ দুয়োটা ড’জ লৈছো আৰু আমি বুষ্টাৰ ড’জো লৈছো। মিছেল আক্ৰান্ত হোৱা নাই কোৰোণাত। মই জনতাক মনত পেলাই দিব বিচাৰিছো যে আপোনালোকে যদি ভেকচিন লোৱা নাই তেন্তে লওক।’’
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাক অ’বামাৰ সুস্বাস্থ্য কামনা
কৰিছে। মোদীয়ে টুইট কৰি কয়, ‘আপুনি শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে আৰু আপোনাৰ
পৰিয়ালৰ সুস্বাস্থ্য আৰু মংগলৰ বাবে শুভকামনা জনাইছো।’
উল্লেখযোগ্য
যে আমেৰিকাত বিগত এটা সপ্তাহত ৩৫ হাজাৰ লোক কোৰোণাত সংক্ৰমিত হৈছে।
জানুৱাৰীৰ মাজভাগত এই সংখ্যা প্ৰায় ৮ লাখ আছিল। ড’নাল্ড ট্ৰাম্পৰ পিছত
বাৰাক অ’বামা দ্বিতীয়গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি যি কোৰোণাত আক্ৰান্ত হৈছে।
২০২০ৰ অক্টোবৰত কোৰোণাত আক্ৰান্ত হৈছিল ড’নাল্ড ট্ৰাম্প।
0 Comments