Home » News » lifestyle » 'ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন এদিন বিশ্বৰ শাসক হ'ব'- বাবা ভাংগাই কৰা এই ভৱিষ্যতবাণী এতিয়া চৰ্চিত! ২০২২ৰ বাবে আৰু কি কি কৈছিল বাবা ভাংগাই? 'ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন এদিন বিশ্বৰ শাসক হ'ব'- বাবা ভাংগাই কৰা এই ভৱিষ্যতবাণী এতিয়া চৰ্চিত! ২০২২ৰ বাবে আৰু কি কি কৈছিল বাবা ভাংগাই?

 


ইউক্ৰেইনৰ ওপৰত চলি আছে ৰাছিয়াৰ আক্ৰমণ। তাৰ মাজতে চৰ্চালৈ আহিছে বাবা ভাংগাৰ এক বিশেষ ভৱিষ্যতবাণী। ১৯৯৬ চনৰ পূৰ্বেই কৰা প্ৰায় সংখ্যক ভৱিষ্যতবাণী এতিয়া আখৰে আখৰে ফলিয়াইছে। তেওঁ যি কৈছিল সেয়াই প্ৰমাণিত হৈছে সত্য হিচাপে। পিছে ভৱিষ্যতৰ কথা কোৱা এইগৰাকী মহিলা প্ৰকৃততে কোন?

২০২২ চনৰ ভৱিষ্যতবাণী হিচাপে বাবা ভাংগাই দাবী কৰিছিল যে, এদিন বিশ্বৰ শাসক হ'ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। আৰু এই মুহূৰ্তত ব্যাপক ভাবে চৰ্চিত হৈ পৰিছে বাবা ভাংগাৰ এই ভৱিষ্যতবাণী।

পিছে কোন এই বাবা ভাংগা?

মহিলাগৰাকীৰ নাম গোচটেৰ’ভা। ১৯১১ চনৰ ১১ জানুৱাৰীত বুলগেৰিয়াত জন্মগ্ৰহণ কৰিছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীক জনা যায় বাবা ভাংগা হিচাপে। মহিলাগৰাকীৰ ভৱিষ্যবাণীৰ ওপৰত চলিছে গৱেষণা। আনকি আচৰিত হৈ পৰিছে বিজ্ঞানীসকলো।

বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত উল্লেখ কৰা মতে, ১২ বছৰ বয়সত গোচটেৰ’ভা এদিন আবদ্ধ হৈ পৰিছিল ধুমুহাৰ মাজত। ফলত দৃষ্টিশক্তি হেৰুৱাই গোচটেৰ’ভাই। আৰু হৈ পৰিছিল অজ্ঞান। কিন্তু তেতিয়াই গোচটেৰ’ভা লাভ কৰিলে বিশেষ শক্তি। কৰি গৈছিল ইটোৰ পিছত সিটো ভৱিষ্যতবাণী। ১৯৯৬ চনত ৮৫ বছৰ বয়সত মৃত্যু হৈছিল বাবা ভাংগাৰ। কিন্তু তাৰ পূৰ্বে বাবা ভাংগাই কৰি গৈছে ভৱিষ্যতাণী। আৰু সময়ে সময়তে সঁচা প্ৰমাণিত হৈছে ভৱিষ্যতবাণী।

Post a Comment

0 Comments