শচীন–ছাংগাকাৰাক পিছ পেলাই টেষ্টত নতুন অভিলেখ অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ


 অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ষ্টিভ স্মিথে আন এটা বিশ্ব অভিলেখ গঢ়িছে। তেওঁ টেষ্টত আটাইতকৈ কম ইনিংছত ৮০০০ ৰান সম্পূৰ্ণ কৰি এই অভিলেখ গঢ়ে। বিশ্বত আটাইতকৈ কম ইনিংছত ৮,০০০ টেষ্ট ৰান সংগ্ৰহ কৰাৰ অভিলেখ পূৰ্বে শ্ৰীলংকাৰ ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰাৰ হাতত আছিল। ২০১০ চনত চাংগাকাৰাই কলম্বোত ভাৰতৰ বিৰুদ্ধে ৮০০০ ৰান সম্পূৰ্ণ কৰে। ইয়াৰ বাবে তেওঁ ১৫২ টা ইনিংছ খেলিছিল।

আনহাতে শচীন তেণ্ডুলকাৰে (Sachin Tendulkar) ১৫৪টা ইনিংছত ৮০০০ টেষ্ট ৰান সম্পূৰ্ণ কৰিছিল। এতিয়া ষ্টিভ স্মিথে ১৫১খন টেষ্ট ইনিংছ খেলিয়েই ৮০০০ ৰানৰ মাইলৰ খুঁটিত উপনীত হৈ অভিলেখ গঢ়ে। এই ইনিংছটোত তেওঁ ২৭ টা বলত মুঠ ১৭ ৰান কৰি আউট হয়। পাকিস্তানৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই তিনি উইকেটত ২২৭ ৰানত ইনিংছ ঘোষণা কৰি ৩৫০ ৰানত আগবাঢ়ি আছে। উল্লেখ্য, ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে শেহতীয়াকৈ টেষ্টত ৮০০০ ৰান সম্পূৰ্ণ কৰিছে। বিৰাটে ১৬৯ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছে। তেওঁ স্মিথতকৈ ১৮ টা বেছি ইনিংছ খেলিছে।

 

Post a Comment

0 Comments