''বিধানসভা পৱিত্ৰ স্থান, তেনে ‘লেতেৰা’ বিষয় ইয়াত পাতিব নোৱাৰি'' মাহেকীয়া ঋতুচক্ৰত মহিলাক ছুটী প্ৰদান প্ৰসংগত ক'লে বিধায়কে


 অৰুণাচল প্ৰদেশৰ বিধানসভাত কংগ্ৰেছ বিধায়ক নিনং এৰিঙে মহিলাসকলক মাহেকীয়া ঋতুচক্ৰৰ প্রথম দিনটোত ছুটী দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তনৰ কাৰণে মার্চৰ ১১ তাৰিখে বিধানসভাৰ মজিয়াত দাখিল কৰিছিল এখন প্ৰাইভেট মেম্বাৰ বিল (Private Member Bill)। বিলখন উত্থাপন কৰি কংগ্ৰেছ বিধায়কগৰাকীয়ে বিহাৰ আৰু কেৰালাত স্কুল তথা মহাবিদ্যালয়ৰ যুৱতীসকলক ঋতুচক্ৰৰ প্ৰথম দিনটোত উপস্থিতিৰ পৰা ৰেহাই প্ৰদান কৰি বুলি উল্লেখ কৰি তেনে অনুৰূপ ব্যৱস্থা অৰুণাচলতো প্ৰৱৰ্তনৰ কৰাৰ পোষকতা কৰিছিল ।

দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক দ্য হিন্দুৰ আজিৰ সংস্কৰণত উল্লেখ কৰা মতে বিধায়কসকলে বিধানসভাৰ (Arunachal Pradesh Assembly) মজিয়াত এই বিষয়টোত আলোচনা কৰিবলৈ অস্বীকাৰ কৰে । বিজেপি বিধায়ক লোকাম তাছাৰে (MLA Lokam Tassar) কয়– ''বিধানসভা পৱিত্ৰ স্থান; ইয়াত তেনে লেতেৰা কথা আলোচনা কৰিব পৰা নাযায় বৰঞ্চ এনে বিষয় ৰাজ্যিক মহিলা আয়োগৰ মজিয়াত আলোচনা হ’ব লাগে।''

ইংৰাজী দৈনিকখনে একেজন বিধায়কৰ উদ্ধৃতি দি উল্লেখ কৰিছে – ''আমাৰ সম্প্ৰদায়ত ঋতুচক্ৰৰ মহিলা পাকঘৰৰ নিলগত শুৱে আৰু কাৰো সংস্পৰ্শলৈ নাহে।''  আন এজন বিজেপি বিধায়ক টানা হালি টাৰাই (Tana Hali Tara) কয় – “আমাৰ পৰম্পৰাত মহিলা সেইকেইদিন অপৰিষ্কাৰ আৰু সেয়ে তেওঁলোকে পুৰুষৰে সৈতে খাদ্য গ্ৰহণ নকৰে।''

সীমান্ত ৰাজ্যখনৰ মহিলা আৰু শিশু পৰিক্ৰমা মন্ত্ৰী আলু লিবাঙেও বিষয়টো বিধানসভাৰ মজিয়াত আলোচনা কৰাৰ বিৰোধিতা কৰে । তেওঁ বিষয়টো মহিলা সংগঠন আৰু আয়োগৰ মজিয়াত আলোচনা কৰাৰ পোষকতা কৰে।

Post a Comment

0 Comments