ইউক্ৰেইনৰ খাৰকিভত আবদ্ধ তামুলপুৰৰ ছাত্ৰ মনোজ, যোৱা ডিচেম্বৰত গৈছিল MBBS পঢ়িবলৈ

 


ইউক্ৰেইনত আৱদ্ধ গোৰেশ্বৰৰ মনোজ কুমাৰ ডেকা নামৰ এজন ছাত্ৰ ৷  নৱগঠিত তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ দিবাকৰ ডেকাৰ পুত্ৰ মনোজ কুমাৰ ডেকাই যোৱাবছৰৰ ডিচেম্বৰ মাহৰ ৮ তাৰিখে এমবিবিএছ (MBBS) পঢ়িবলৈ ইউক্ৰেইনলৈ গৈছিল ৷ কিন্ত হঠাৎ ৰাছিয়াই (Russian) ইউক্ৰেইনত আক্ৰমণ কৰাত ইউক্ৰেইনতে আবদ্ধ হৈ পৰে ছাত্ৰজন ৷

বৰ্তমান ছাত্ৰজন ইউক্ৰেইনৰ খাৰকিভত (Kharkiv) থকা বুলি ভিডিঅ' কলযোগে জনাইছে৷ খাদ্যসামগ্ৰীৰ তীব্ৰ নাটনি হোৱা বুলি ছাত্ৰজনে উল্লেখ কৰে ৷ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে মনোজ কুমাৰ ডেকাৰ ঘৰত উপস্থিত হয় তামুলপুৰ জিলাৰ জিলা উপাযুক্ত ৷ আজি নৱগঠিত তামুলপুৰ জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাসে মনোজ কুমাৰ ডেকাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সান্ত্বনা দিয়াৰ লগতে ছাত্ৰজনৰ লগত যোগাযোগত থকা বুলি উল্লেখ কৰি অতি সোনকালে সুৰক্ষিতভাৱে ল'ৰাজনক ওভতাই অনাৰ প্ৰতিশ্ৰুতি দিয়ে (Assamese Boy in Ukraine) ৷

ইউক্ৰেইনত আবদ্ধ মনোজ কুমাৰ ডেকাৰ লগতে গুৱাহাটীৰ বাসিন্দা স্নেহা ডেকাৰ গোৰেশ্বৰত থকা আইতাকৰ ঘৰতো উপস্থিত হয় তামুলপুৰ জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাসে ৷ উপায়ুক্তগৰাকীয়ে সাংবাদিকৰ আগত জনায় যে ভাৰত চৰকাৰৰ নিৰ্দেশ অনুযাযী ওচৰৰ সীমামূৰীয়া দেশসমূহলৈ আবদ্ধ হোৱা ছাত্ৰ-ছাত্ৰীসকলক যোৱাৰ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে আৰু তাৰ পৰাই ভাৰতীয় দূতাবাসৰ  মাধ্যমেৰে ওভতাই অনাৰ প্ৰয়াস কৰি থকা বুলি মন্তব্য কৰে ৷

Post a Comment

0 Comments