হোজাইত ১ কোটি টকাৰ হেৰ'ইন জব্দ, গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

 


হোজাইত জিলা (Hojai district) আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত আজি সন্ধিয়া প্ৰায় ৮ বজাত হোজাইৰ টেলিবস্তি অঞ্চলত চলিল আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান (anti-narcotic operation)। অতিৰিক্ত আৰক্ষী অধীক্ষক পঞ্জিত দুৱৰাসহ আৰক্ষীৰ এটা দলে চলোৱা অভিযানত দুই যুৱকক কৰায়ত্ত কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ হেৰ'ইন।

আৰক্ষীৰ অভিযানত  ৬০টা চাবোনৰ বাকচত ৭৬০ গ্ৰাম হেৰইন (heroin) জব্দ কৰাৰ লগতে দুই ড্ৰাগছ বেপাৰী ক্ৰমে ডবকা নাহৰ গাঁৱৰ আব্দুল ৰছিদৰ পুত্ৰ ৩৪ বছৰীয়া আব্দুল ছালাম আৰু হোজাই ধুনুহাৰ বস্তিৰ মহম্মদ মহৰ  আলীৰ পুত্ৰ  ইজ্জাজুল হকক কৰা হয়  গ্ৰেপ্তাৰ।

ধৃত ড্ৰাগছ বেপাৰীদ্বয়ে খোজকাঢ়ি ধনুহাৰ বস্তিৰ দিশে যোৱাৰ পথত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইপিনে জব্দকৃত হেৰ'ইনখিনিৰ  বজাৰ মূল্য প্ৰায় কোটি টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা ধৃত ড্ৰাগছ বেপাৰী দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Post a Comment

0 Comments