NRCত নাম নহা বাঙালী হিন্দুসকল চিন্তা কৰিব নালাগে, সকলো হিন্দু বাঙালীৰ নাম NRCত আহিবই-BJP


 পৌৰসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে বৰপেটাৰোডৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সম্পাদিকা নিয়তি দে ৷ বৰপেটাৰোডৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় বৰপেটাৰোডৰ প্ৰতিটো ৱাৰ্ডতেই বিজেপিৰ প্ৰাৰ্থী জয়ী হ'ব আৰু নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বৰপেটাৰোড পৌৰসভা বিজেপিয়ে গঠন কৰিব ৷

আনহাতে বিজেপিৰ মানুহ নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু জয়ী হৈ বিজেপি দলতেই যোগদান কৰিব বুলি চলোৱা প্ৰচাৰক অপপ্ৰচাৰ আখ্যা দিয়ে জয়ন্ত মল্ল বৰুৱাই ৷ বিজেপি দলত বেলেগ দলৰ পৰা মানুহ লোৱাৰ প্ৰয়োজন নাই আৰু প্ৰয়োজনবোধ নকৰে বুলি উল্লেখ কৰি আজিৰ তাৰিখত বিজেপি বহুত শক্তিশালী বুলিও কয় জয়ন্ত মল্ল বৰুৱাই ৷ বিজেপি দলৰ নাম লৈ যাতে কোনো নিৰ্দলীয় প্ৰাৰ্থীয়ে ভোট নিবিচিৰে তাৰবাবে সকীয়াই দিয়ে বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷ বিজেপিৰ পৰা বহিষ্কাৰ কৰা লোকসকলক চিৰদিনৰ বাবে বহিষ্কাৰ কৰা বুলি উল্লেখ কৰি কয় ভোট গণনাৰ দিনা নিৰ্দলীয় প্ৰাৰ্থীয়ে ৯/১০টাকৈহে ভোট লাভ কৰিব ৷

Post a Comment

0 Comments