পৰিয়ালত ৭টা প্ৰজন্মৰ পিছত জন্ম হয় কন্যা সন্তান, চিকিৎসক পিতৃ-মাতৃয়ে আনন্দতে জীয়াৰীক দিলে এই গ্ৰহৰ বাহিৰৰ এক অমূল্য উপহাৰ


য'ত বহুতো ৰক্ষণশীল মানুহে ছোৱালীক বোজা বুলি গণ্য কৰে, একে সময়তে সমাজত কন্যাসকলক সন্মান কৰা লোকো আছে। বিহাৰৰ মধুবনী জিলাৰ এটা চিকিৎসক দম্পতীয়ে তেওঁলোকৰ জীয়েকৰ জন্ম স্মৰণীয় কৰি তুলিবলৈ আৰু কন্যা সন্তান সম্পৰ্কে সমাজক এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ অনন্য পদক্ষেপ লয়। পৰিয়ালটোৱে তেওঁলোকৰ ছোৱালীক তেওঁৰ দশম জন্মদিনত এটা আশ্চৰ্যকৰ উপহাৰ দিছে।
ঝাঞ্জাৰপুৰৰ আৰ এছ বজাৰ এলেকাত বাস কৰা ড০ সুৰৱিন্দৰ ঝা আৰু ড০ সুধা ঝাই তেওঁলোকৰ জীয়েক আস্থা ভৰদ্বাজৰ নামত চন্দ্ৰত এক একৰ মাটি পঞ্জীয়ন কৰিছে। ঝাঞ্জাৰপুৰত এটা ব্যক্তিগত নাৰ্ছিং হোম চলাই থকা ডাঃ সুৰৱিন্দৰ ঝাই কয় যে আস্থা ভৰদ্বাজ তেওঁৰ পৰিয়ালৰ প্ৰথম কন্যা।

সুৰৱিন্দৰ (Dr Survinder Jha কয় যে কন্যাসকল যিকোনো পৰিয়ালৰ বাবে সন্মানীয় আৰু গুৰুত্বপূৰ্ণ, কিন্তু প্ৰায় সাতপ্ৰজন্ম ধৰি কন্যাৰ কান্দোন আৰু হাঁহি তেওঁলোকৰ পৰিয়ালত প্ৰতিধ্বনিত হোৱা নাছিল, সেয়েহে যেতিয়া তেওঁলোকৰ ঘৰত আস্থাৰ জন্ম হৈছিল, পৰিয়ালটো অতি সুখী হয়। গতিকে এই সুখক বিশেষ কৰি তুলিবলৈ চন্দ্ৰত মাটি কিনি ছোৱালীক উপহাৰ দিয়ে (buying land on the moon for the daughter)।

ড. সুৰৱিন্দৰ ঝাৰ মতে, জীয়েকৰ বাবে চন্দ্ৰত মাটি ক্ৰয় কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ প্ৰায় ডেৰ বছৰ সময় লাগিছিল। প্ৰথমে, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়াৰ (California) লুনা ছ'চাইটীৰ ৱেবছাইটত আবেদন কৰিছিল, তাৰ পিছত সকলো ধৰণৰ কাগজপত্ৰ সম্পূৰ্ণ কৰাৰ পিছত আৰু মাটিৰ মূল্য পৰিশোধ কৰাৰ পিছত ২৭ জানুৱাৰী, ২০২২ তাৰিখে তেওঁ স্পীড পোষ্টৰ দ্বাৰা চন্দ্ৰত ভূমি পঞ্জীয়ন কৰাৰ বাবে নথি লাভ কৰিছিল।

Post a Comment

0 Comments