জন্মদিনত প্ৰাক্তন পত্নী কিৰণ ৰাৱে আমিৰ খানক দিলে জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ

 


আমিৰ খানৰ আজিৰ জন্মদিনক লৈ ছ'চিয়েল মিডিয়াত সৰ্বাধিক চৰ্চা হোৱা দেখা গৈছে। অভিনেতাগৰাকীয়ে নিজেও এই দিনটোতে তেওঁৰ ব্যক্তিগত জীৱনক লৈ মত ব্যক্ত কৰিছে। অভিনেতাজনৰ জন্মদিন মুম্বাইত সংবাদ মাধ্যমৰ দ্বাৰা আয়োজন কৰা হৈছিল। ইয়াতেই অভিনেতাজনে সংবাদ মাধ্যমৰ সৈতে তেওঁৰ জন্মদিন উদযাপন কৰিছিল (Aamir Khan's birthday)। আৰু তেওঁ বহুতো প্ৰশ্নৰ উত্তৰ দিয়ে।

আমিৰ খানে (Aamir Khan) বিশেষকৈ কিৰণ ৰাওৰ সৈতে বিবাহ বিচ্ছেদৰ সিদ্ধান্তক লৈ মত ব্যক্ত কৰি কয় যে এই সিদ্ধান্তৰ আঁৰত কোনো নাছিল। আজিও কোনো নাই। তেওঁক লগতে সোধা হৈছিল কিৰণ ৰাৱে (Kiran Rao) জন্মদিন ৰূপে কি উপহাৰ প্ৰদান কৰিছে?

খানে কয়, "মই সাধাৰণতে কিৰণক সুধিছিলোঁ যে এজন মানুহ হিচাপে নিজকে উন্নত কৰিবলৈ কি পৰিৱৰ্তন কৰিব লাগিব ক'ব পাৰিবনে? মোৰ ত্ৰুটিবোৰ পূৰণ কৰিবলৈ, মোৰ দুৰ্বলতাবোৰ দূৰ কৰিবলৈ মই কি কৰিব লাগিব? কিৰণে মোক ১০ৰ পৰা ১২টা বিষয়ৰ এক তালিকা তৈয়াৰ কৰি দিছিল। আৰু মই সেয়া লিখি ৰাখিছোঁ। এয়াই মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ জন্মদিনৰ উপহাৰ (best birthday gift)।'

Post a Comment

0 Comments