প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত সুকলমে উদ্ধাৰ হ'ল ছুমিত আৱদ্ধ ৪১গৰাকী অসমীয়া ছাত্ৰ-ছাত্ৰী


অৱশেষত নিৰাপদে উদ্ধাৰ হ'ল যুদ্ধবিধস্ত ইউক্ৰেইনৰ ছুমি চহৰত আৱদ্ধ হৈ থকা অসমৰ ৪১গৰাকী ছাত্ৰ-ছাত্ৰী। ছুমি ষ্টেট বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি থকা অসমৰ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছিল ভাবুকি। বিগত দুদিন ধৰি চহৰখনত ৰাছিয়ান সেনাই আক্ৰমণ তীব্ৰতৰ কৰি তুলিছিল। ৰাছিয়ান সেনাৰ আক্ৰমণত ধ্বংসস্তুপত পৰিণত হোৱা চহৰখনত থকা অসমীয়া ছাত্ৰ-ছাত্ৰীসকলে বিগত দুদিন অনাহাৰে-অনিদ্ৰাই বাংকাৰত আশ্ৰয় গ্ৰহণ কৰিছিল।

বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ ফলশ্ৰুতিত ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে অভিভাৱক সকলৰো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। অৱশ্যে সকলোকে নিৰাপদে উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে ভিডিঅ' বাৰ্তাযোগে ছাত্ৰ-ছাত্ৰী সকলক সাহস আৰু ধৈৰ্য্যৰে অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছিল।

অৱশেষত ভাৰত চৰকাৰৰ প্ৰচেষ্টাত আজি পুৱা বহু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ছুমিত থকা সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ২২খন বাছত উভতাই অনাৰ ব্যৱস্থা কৰিলে ভাৰত চৰকাৰে। ভাৰত চৰকাৰৰ মিছন গংগাৰ অধীনত সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ছুমিৰ পৰা নিৰাপদে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে।

ছাত্ৰ-ছাত্ৰী সকলৰ সুৰক্ষাৰ বাবে ইউক্ৰেইনী সেনাৰ বাহন আৰু চিকিৎসকৰ দলো তেওঁলোকৰ লগত আহিছে। ছুমিৰ পৰা প'ল্ট'ভালৈ সকলো ছাত্ৰ-ছাত্ৰীক অনা হয়। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।

Post a Comment

0 Comments