‘কংগ্ৰেছ আজিৰ তাৰিখত হিচাপত ল’বলগীয়া দল নহয়’ – ক’লে জয়ন্ত মল্ল বৰুৱাই, ভূপেন বৰাক ৰাজনৈতিক জ’কাৰ আখ্যা


 APCCৰ সভাপতি ভূপেন বৰাক পুনৰ কটাক্ষ বিজেপিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। ভূপেন বৰাক ৰাজনৈতিক জকাৰ আখ্যা। বুধবাৰে নিশা বঙাইগাঁও পৌৰসভাত নিৰ্বাচন প্ৰচাৰ সভাত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কঠোৰ সমালোচনা কৰে বৰুৱাই।

আজিৰ তাৰিখত কংগ্ৰেছ দল অসমত হিচাপত ল’বলগীয়া দল হিচাপে চিহ্নিত নহয় বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘এই কথাবোৰ জানি ভূপেন বৰাই গান, কবিতা আদিত মনোনিৱেশ কৰিছে। ৰাইজৰ সন্মুখত ভাষণ বা বক্তৃতা আদিৰে গুৰুত্ব লাভ নকৰে বাবে ৰাজনৈতিক নেতা হৈয়ো গান, কবিতাৰে সংবাদ মাধ্যমত ওলাই থাকিব বিচাৰিছে। জুবিন, পাপনে ভাল গীত গাই জনপ্ৰিয়তা লাভ কৰিছে, সেইদৰে ৰাজকুমাৰেও ফটুৱা কথাৰে জনপ্ৰিয় হ’বলৈ প্ৰয়াস কৰিছে৷ গতিকে ভূপেন বৰায়ো ইয়াকে কৰি গৈছে ৷ কিন্তু অসমৰ ৰাইজে ভূপেন বৰাক বৰ্তমান ৰাজনৈতিক জোকাৰ হিচাপে চিনি পায়।’’

 

Post a Comment

0 Comments