আৰম্ভ হ'ল ভোটগণনা, EARLY TRENDS অনুসৰি উত্তৰপ্ৰদেশত বিজেপিৰ অগ্ৰগতি, পঞ্জাবত আপ-কংগ্ৰেছৰ তীব্ৰ প্ৰতিদ্বন্দিতা

 


Election results 2022: আৰম্ভ হৈছে ভোটগণনা। ইতিমধ্যে উত্তৰপ্ৰদেশ, মণিপুৰ, গোৱা, উত্তৰাখণ্ড আৰু পঞ্জাৱত বেলটৰ ভোটগণনাৰ লগতে EVMৰ ভোটগণনাও আৰম্ভ হৈছে। EARLY TRENDS অনুসৰি উত্তৰপ্ৰদেশত বিজেপি দলে অগ্ৰগতি লাভ কৰি থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তলৈকে বিজেপিয়ে ৩০ খন আসনত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে ১৮ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

ঠিক সেইদৰে পাঞ্জাৱত কংগ্ৰেছে ৪খনত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে আম আদমী পাৰ্টীয়ে ৩ খন আসনত আগবাঢ়ি আছে। আনহাতে উত্তৰাখণ্ডত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হৈছে। ৰাজ্যখনত এই মুহূৰ্তলৈকে কংগ্ৰেছ ৬খন আসনত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে বিজেপিয়ে ৭ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

Post a Comment

0 Comments