‘হিজাব কোনো ব্যক্তিগত পছন্দ–অপছন্দ নহয়’ – হিজাব বিতৰ্কক লৈ মুখ খুলিলে জাইৰা ৱাছিমে

 


ধৰ্মত মন দিব। ৰূপালী পৃথিৱীৰ জাকজমকতাৰ পৰা নিজকে দূৰত ৰাখিব বিচাৰে। এই কথা কৈ বলীউদ এৰিছিল অভিনেত্ৰী জাইৰা ৱাছিমে (Zaira Wasim)। নিজৰ সকলো ফটো ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰি পেলাইছিল। আৰু এইবাৰ কৰ্ণাটকৰ হিজাব বিতৰ্কক লৈ মুখ খুলিছে। ফেচবুক পোষ্টৰ জৰিয়তে জাইৰাই কয়, পছন্দ–অপছন্দ হিচাপে কোনেও হিজাব নিপিন্ধে। ইছলামত হিজাব পিন্ধাৰ বাধ্যবাধকতা আছে।

জাইৰাৰ মতে, ঈশ্বৰৰ প্ৰতি কৰ্তব্য পালন কৰিবলৈ হিজাপ পিন্ধিব লাগে। কাৰো ব্যক্তিগত পছন্দ বা অপছন্দ নহয়। তেওঁৰ দাবী ধৰ্মীয় কৰ্তব্য পালনত মহিলাসকলক বাধা দিয়া হৈছে। জাইৰাই ছচিয়েল মিডিয়াত এক পোষ্টত লিখিছে, ‘‘হিজাব ব্যক্তিগত পছন্দৰ এটা বিষয়, এই ধাৰণাটো ভুল। নিজৰ সুবিধাৰ্থে বা অজ্ঞতাৰ ফলত এইবোৰ কোৱা হয়। হিজাব ব্যক্তিগত পছন্দ–অপছন্দৰ বিষয় নহয়। ইয়াৰ ইছলামত বাধ্যবাধকতা আছে। যি মহিলাই হিজাব পিন্ধে, তেওঁ ঈশ্বৰৰ ওচৰত নিজকে সপি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি কৃতজ্ঞতা আৰু নম্ৰতাৰ সৈতে হিজাব পিন্ধো। আমাৰ দৰে এগৰাকী নাৰীৰ পক্ষে এই সমগ্ৰ বিষয়টো বিৰক্তিকৰ য’ত ধৰ্মীয় কৰ্তব্য পালনত মহিলাক বাধা দিয়া হৈছে আৰু উপেক্ষা কৰা হৈছে।’’

জাইৰাই আৰু লিখিছে, ‘‘মুছলমান মহিলাসকলৰ শিক্ষা আৰু হিজাবৰ মাজত যিকোনো এটা বাচি ল’বলৈ কোৱা হৈছে। এনে এটা ব্যৱস্থা গঢ়ি তুলি মুছলমান মহিলাসকলৰ প্ৰতি অবিচাৰ কৰা হৈছে। নিজৰ সুবিদা আৰু উদ্দেশ্যৰ বাবে মুছলমান যুৱতীসকলক যিকোনো এটা বাচি ল’বলৈ কোৱা হৈছে। ইয়াৰ পিছতো তেওঁলোককে সমালোচনা কৰা হৈছে। এয়া খুবেই বেয়া আচৰণ।’’

Post a Comment

0 Comments