শাস্তিমূলক বদলিৰ পিছতো নিজৰ দায়বদ্ধতাৰ পৰিচয় দিলে আনন্দ মিশ্ৰই, হাৰিয়ানাত উদ্ধাৰ নগাঁৱৰ পৰা নিৰুদ্দেশ হোৱা মাতৃ-কন্যা

 


আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ প্ৰচেষ্টাত হাৰিয়ানাৰ পলবল জিলাৰ মিডকলা গাঁৱৰ পৰা নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিলে নগাঁৱৰ ননৈৰ পৰা সন্ধানহীন হোৱা এগৰাকী বোৱাৰী আৰু তেওঁৰ ৭বছৰীয়া কন্যাক (Nagaon police rescued a Woman)। যোৱা  ২ ফেব্ৰুৱাৰীত নগাঁৱৰ ননৈৰ পৰা সন্ধানহীন হোৱা পত্নী-কন্যাক বিচাৰি নগাঁও আৰক্ষীৰ কাষ চাপিছিল নিৰুদ্দিষ্ট বোৱাৰীগৰাকীৰ স্বামী। ইয়াৰ পিছতে নিউজ ১৮ অসম/নৰ্থইষ্টত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছিল।

২ফেব্ৰুৱাৰীত নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ স্বামীয়ে পৰৱৰ্তী সময়ত টুইটাৰযোগে তেওঁৰ পত্নীক হাৰিয়ানালৈ অপহৰণ কৰা বুলি উল্লেখ কৰি পূৰ্বৰ নগাঁৱৰ আৰক্ষী  অধীক্ষক আনন্দ মিশ্ৰৰ (Anand Mishra) সহায় বিচাৰিছিল। ইয়াৰ পিছতে আনন্দ মিশ্ৰই ননৈ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত এটি দল ৯ ফেব্ৰুৱাৰীত হাৰিয়ানালৈ প্ৰেৰণ কৰে। অৱশেষত যোৱা ১১ ফেব্ৰুৱাৰীত হাৰিয়ানা আৰক্ষীৰ (Haryana Police) সহযোগত নগাঁও আৰক্ষীয়ে (Nagaon Police) পলবল জিলাৰ পৰা মাতৃ-কন্যাক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Woman Rescued From Haryana)।

 

Post a Comment

0 Comments