প্ৰচণ্ড শীতৰ মাজতো আপোনাৰ ছালখন সতেজ কৰি ৰখাৰ সহজ উপায়, বজাৰৰ কেমিকেলযুক্ত ক্ৰীমৰ পৰিৱৰ্তে ঘৰতে বনাওক ফেচ পেক

 


চৌদিশে শীতৰ প্ৰকোপ বাঢ়িছে। শীতকালত আপোনাৰ চাল প্ৰায়ে শুকান হৈ পৰে। ইয়াৰ ফলত চালৰ খজুৱতি বঢ়াৰ লগতে চাল ফটা অথবা চালৰ দাগৰ সমস্যাই দেখা দিয়ে। এই সময়ছোৱাত, এনে ছালৰ যত্ন বেছিলৈ ল'ব লাগে। চালৰ আৰ্দ্ৰতা বাহাল ৰখা উচিত। এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ, বজাৰত বহু প্ৰকাৰৰ সামগ্ৰী উপলব্ধ। বিভিন্ন কোম্পানীয়ে দাবী কৰে যে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰিলে কেইদিনমানৰ ভিতৰত ছালৰ উজ্জ্বলতা পোৱা যাব। কিন্তু সেইবোৰত থকা ৰাসায়নিক পদাৰ্থবোৰে চালৰ ক্ষতি কৰা আৰম্ভ কৰে। বহু সময়ত ইয়াৰ ফলত আপোনাৰ ছালৰ সতেজতা নাইকীয়া হৈ পৰে।

ইয়াৰ পৰিৱৰ্তে, আপুনি ঘৰুৱা প্ৰতিকাৰৰ সহায় ল'ব পাৰে। অৱশ্যে, চালৰ বাবে সৰ্বশ্ৰেষ্ঠ ঘৰুৱা প্ৰতিকাৰবোৰৰ ভিতৰত এটা আঙুৰৰ ফেচ পেক। ঘৰত বনোৱাটো সহজ আৰু ইয়াৰ দ্বাৰা চালৰ বহুতো সমস্যা দূৰ কৰিব পাৰি।

সেউজীয়া ৰঙৰ আঙুৰৰ সলনি আপুনি ফেচ পেক তৈয়াৰ কৰিবলৈ ক'লা আঙুৰৰ সহায় ল'ব পাৰে। ইয়াৰ বাবে, আঙুৰৰ গুটিবোৰ আতৰাই লওক আৰু  ইয়াক ভালকৈ পিছি লওক। এতিয়া ইয়াত এক চামুচ মৌ, এক চামুচ গোলাপ ফুলৰ ৰস যোগ দিয়ক আৰু ইয়াৰ এটা পেকে বনাওক। এতিয়া ইয়াক মুখত লগাওক আৰু অন্তত ১৫ মিনিট ৰখাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওক। ই মুখৰ দাগবোৰ আঁতৰ কৰাত সহায় কৰিব লগতে আপোনাৰ ছালৰ বহু সমস্যাৰ পৰাও আপোনাক পৰিত্ৰাণ দিব।

Post a Comment

0 Comments