ইউক্ৰেইনৰ যুদ্ধ ৰোধৰ শেষ প্ৰচেষ্টা, এখন বিশেষ বৈঠকৰ ওপৰতে নিৰ্ভৰ কৰিব যুদ্ধৰ ভৱিষ্যৎ

 


যুদ্ধ পৰিহাৰ কৰাৰ বাবে প্ৰবল কূটনৈতিক পদক্ষেপ অব্যাহত আছে ইউৰোপত। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা চেপা উত্তেজনা আৰু যুদ্ধৰ আশংকা হ্ৰাস কৰিবলৈ নিৰন্তৰ চেষ্টা ৰূপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে (Emmanuel Macron) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

দেওবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী ভৱন Elysee Palaceৰ পৰা এক বিবৃতি জাৰি কৰি কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ (Russian President Vladimir Putin) মাজত বৈঠকৰ বাবে দুয়ো সন্মত হৈছে। বিবৃতিটোত কোৱা হৈছে যে বাইডেন আৰু পুটিনে মেক্ৰনৰ দ্বাৰা প্ৰস্তাৱিত এক বৈঠকৰ বাবে সন্মতি প্ৰকাশ কৰে।

অৱশ্যে, প্ৰস্তাৱটোৰ সৈতে এটা চৰ্ত আছে যে বৈঠকখন কেৱল তেতিয়াহে অনুষ্ঠিত হ'ব, যদি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ নকৰে।

উল্লেখ্য, দেওবাৰে মেক্ৰ'নে পুটিনৰ সৈতে দুবাৰ টেলিফোনযোগে বাৰ্তালাপ কৰাৰ লগতে ইউক্ৰেইনৰ পৰিস্থিতি সম্পৰ্কে বাইডেনৰ (Joe Biden) সৈতেও যোগাযোগ কৰাৰ পিছত এই বৈঠকৰ বিষয়টোক লৈ চৰ্তসাপেক্ষ সন্মতি আদায় কৰা হয় (Joe Biden-Vladimir Putin Agree To Meet)।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন আৰু ৰাছিয়াৰ বিদেশ সচিব ছেৰ্গেই লাভৰভৰ মাজত ২৪ ফেব্ৰুৱাৰীত বৈঠক অনুষ্ঠিত হ'ব, ইয়াৰ পিছত সন্মিলনৰ বাবে পৰৱৰ্তী কাৰ্যক্ৰম সম্প্ৰসাৰিত কৰা হ'ব।

Post a Comment

0 Comments