ছচিয়েল মিডিয়াত চৰ্চা! তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক হ’ব নেকি আনন্দ মিশ্ৰ!

 


ধুবুৰীৰ পিছত নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব লোৱাৰ পিছতে জিলাখনৰ অপৰাধ জগতত কঁপনি তুলিছিল আনন্দ মিশ্ৰই।

আনন্দ মিশ্ৰ বুলি ক’লে অসমৰ সকলোৰে পৰিচিত এটা নাম। নিজৰ কৰ্মদক্ষতা তথা বিচক্ষণতাৰে অসমৰ প্ৰতিজন লোকৰে পৰিচিত হৈ পৰিছে এইগৰাকী আই পি এছ বিষয়া। বৰ্তমান ছচিয়েল মিডিয়াত বিয়পি পৰিছে এটা খবৰ। খবৰটো হ’ল – ‘তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক হ’ব আনন্দ মিশ্ৰ।’ ফেচবুক, হোৱাট্ছএপ আদি মাধ্যমত আৰক্ষী বিষয়াগৰাকীৰ ফটো শ্বেয়াৰ কৰি বিভিন্নজনে তিনিচুকীয়ালৈ আদৰণিও জনাইছে। কিন্তু এই খবৰ কিমান সঁচা?

ধুবুৰীৰ পিছত নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব লোৱাৰ পিছতে জিলাখনৰ অপৰাধ জগতত কঁপনি তুলিছিল আনন্দ মিশ্ৰই। বিশেষকৈ ড্ৰাগছৰ সাম্ৰাজ্যখনত আনন্দ মিশ্ৰই ত্ৰাসৰ সৃষ্টি কৰিছিল। বহু দাগী অপৰাধীক কাবু কৰিবলৈ সক্ষম হৈছিল আইপিএছ বিষয়াগৰাকীয়ে। এনকাউণ্টাৰৰ সন্মুখীন হৈছিল ইজনৰ পিছত সিজন অপৰাধী।

Post a Comment

0 Comments