ক্ৰীড়াৰ প্ৰতি দুনিৰ্বাৰ আগ্ৰহ ৰখা দুগৰাকী পেৰা এথলীটৰ কাহিনী, চাওক BYJUS Young Genius Season 2ৰ নতুন এপিছ’ডত

 


সাধাৰণতে কোৱা হয় যে এগৰাকী খেলুৱৈয়ে লক্ষ্য এটাৰ ফালে ধাৱমান হওঁতে তেওঁলোকৰ আটাইবোৰ ইন্দ্ৰিয়ৰ যোগেদি সজাগ হোৱা প্ৰয়োজন। কিন্তু আটাইৰে তেনে সৌভাগ্য নাথাকে, কেতিয়াবা এনে দুৰ্ঘটনাও ঘটে, যাত কোনো সমাধান নাথাকে। 

আনহাতে, আজিৰ এই দুই যুৱ প্ৰতিভাই কেৱল তেওঁলোকৰ শাৰীৰিক প্ৰত্যাহ্বান অতিক্ৰম কৰাই নহয়, তেওঁলোকৰ দৃঢ়তা আৰু শক্তিশালী মনটোৰ সহায়ত সমবয়সীয়া বেছিভাগ কিশোৰকে নিজস্ব প্ৰদৰ্শনৰ দ্বাৰা পিছ পেলাবলৈ সক্ষম হৈছে। চিমৰণ শৰ্মা আৰু আব্দুল কাদিৰ ইন্দোৰীৰ প্ৰেৰণাদায়ক কাহিনী ইয়াত জানিবলৈ পাব।

চিমৰণ সিঙৰ অদম্য যাত্ৰা– 

চিমৰণ সিঙৰ বয়স মাত্ৰ 13 বছৰ, কিন্তু ইতিমধ্যে তেওঁৰ উচ্চাকাংক্ষাৰ জখলাত দোপতদোপে আগবাঢ়ি গৈছে। চিমৰণ হৈছে প্ৰকৃতিৰ অদম্য শক্তি, তেওঁ 9 বছৰ বয়সতে শ্বুটিঙত কেৰিয়াৰ আৰম্ভ কৰিছিল, সাঁতোৰত ব্ৰঞ্জ আৰু সোণৰ পদক জিকিছিল, শ্বিয়ামক দাভৰৰ দলৰ সৈতে নৃত্য কৰি স্বীকৃতি লাভ কৰিছিল, আৰু লগতে পিয়ানো আৰু উকুলেলেও ধুনীয়াকৈ বজাব জানে।

তেওঁৰ কৃতিত্বৰ লানি এই কথা পাহৰাবলৈ যথেষ্ট যে মাত্ৰ ন মাহ বয়সতে তেওঁ মেৰুদণ্ডৰ এটা ডাঙৰ অস্ত্ৰোপচাৰৰ সমুখীন হ’বলগীয়া হৈছিল। আনকি অস্ত্ৰোপচাৰৰ পাছত তেওঁ ডিঙিৰ তলৰছোৱা অংশৰ সংবেদন হেৰুৱাই পেলাইছিল। কিন্তু সবল যুঁজাৰু মনোভাৱৰ সৈতে যথেষ্ট ফিজিঅ'থেৰাপী, ৰিহেবিলিটেশ্যন আৰু ষ্টেম চেল চিকিৎসাৰ যোগেদি চিমৰণে কঁকালৰ ওপৰছোৱাৰ সংবেদন পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

Post a Comment

0 Comments