বিয়াৰ অনুষ্ঠান চলি থকাৰ সময়তে কুঁৱাত পৰিল ১৩জন লোক, ১১জনৰ মৃত্যু


উত্তৰ প্ৰদেশৰ এক বিয়াৰ অনুষ্ঠানত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। এই ঘটনাত প্ৰাণ হেৰুৱাই ১১জন লোকে। কিদৰে সংঘটিত হ’ল এই ঘটনা। জানিব পৰা মতে, বিয়াঘৰৰ অনুষ্ঠান চলি থকাৰ সময়তে এঠা কুঁৱাত পৰি যায় ১৩জন লোক। তেওঁলোকৰ ভিতৰত ১১জনৰ মৃত্যু হয়। মৃতসকলৰ মাজত আছে মহিলা আৰু শিশুও। আচলতে বিয়াৰ অনুষ্ঠানৰ বাবে কুঁৱাত কংক্ৰিটৰ প্লেটেৰে ঢাকি দিয়া হৈছিল যদিও সেই প্লেট ভাঙি কুৱাত পৰে এই লোকসকল। ঘটনাস্থলীতে ১১জনৰ মৃত্যু হয়। এই ঘটনাত শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

ঘটনাটো সংঘটিত হয় উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাৰ এখন গাঁৱত। বুধবাৰে নিশা বিয়াৰ আনন্দত মচগুল হৈ আছিল লোকসকল। অতিথিসকল বহাৰ বাবে কুঁৱাৰ ওপৰত দিয়া হৈছিল কংক্ৰিটৰ প্লেট। সেই প্লেট ভাঙি কুঁৱাত পৰি যায় ১৩জন লোক। তাৰ ভিতৰত ১১জনৰ মৃত্যু হয়।

Post a Comment

0 Comments