হৃত্বিকৰ চৰ্চিত প্ৰেমিকা চাবাক লৈ প্ৰাক্তন পত্নী চুজান খানে ক'লে এনে কথা, চাবায়ো দিলে উত্তৰ

 


হৃত্বিক ৰোশন (Hrithik Roshan) আৰু চুজান খানৰ ১৪ বছৰীয়া সংসাৰৰ পতনৰ পিছত শেহতীয়াকৈ চাবা আজাদৰ সৈতে তেওঁক সঘনাই প্ৰত্যক্ষ কৰা গৈছিল। পাপাৰাজিৰ কেমেৰাৰ পৰা মুখ লুকুৱাবলৈ চেষ্টাও কৰিছিল চাবা আজাদে। গতিকে কিছু সময়ৰ পৰা হৃত্বিক আৰু চাবা আজাদক লৈ নানা গুজব চলি আছে যে চাবা হৃত্বিকৰ নতুন প্ৰেম। কিন্তু তেওঁলোকৰ কোনোৱেই এই বিষয়ে মুকলিকৈ কোনো কথা কোৱা নাই।

ইয়াৰ মাজতে এইবাৰ এই বিষয়টোক লৈ চৰ্চালৈ আহিছে হৃত্বিকৰ প্ৰাক্তন পত্নী চুজান খান (Hrithik Roshan's ex-wife Sussanne Khan)। চুজান খানে হৃত্বিক-চাবাৰ বিষয়টোক কিদৰে লয়? তেওঁৰ ইয়াকে লৈ প্ৰতিক্ৰিয়া কি আদি অনুৰাগীসকলৰ কৌতূহলৰ মাজতে চুজানৰ এটা কাৰ্যই বিমোৰত পেলাই হৃত্বিক-চাবাক লৈ কৰি থকা কল্পনা-জল্পনাত।

গায়িকা আৰু অভিনেত্ৰী চাবা (actor-musician Saba Azad) সোমবাৰে ভেলেণ্টাইন দিৱস উপলক্ষে এক বিশেষ অনুষ্ঠানত গান গাবলৈ এটা ক্লাবত উপস্থিত হৈছিল। অনুষ্ঠানটোত চুজান খানো উপস্থিত আছিল। চাবাৰ গানে তেওঁক আকৰ্ষিত কৰিছিল। চুজানে অনুষ্ঠানটোত চাবাই গান গাই থাকোঁতে ফটোও তোলে। সেই ফটোকে ইনষ্টাগ্ৰামত পোষ্ট কৰি চুজানে লিখিছিল, "কি আশ্চৰ্যকৰ সন্ধিয়া। আপোনাৰ কি সুন্দৰ গান। চাবা আজাদ আপুনি প্ৰতিভাশালী।'' এনেধৰণৰ প্ৰশংসা দেখি চাবায়ো তাত মন্তব্য কৰিছিল। চাবাই লিখিছিল, "ধন্যবাদ চুজু (Sussanne Khan)। মই জানি বহুত আনন্দিত যে আপুনিও যোৱা নিশাৰ অনুষ্ঠানত আছিল।''

Post a Comment

0 Comments