হাৰ্ট এটাকৰ পিছত বাইপাছ ছাৰ্জাৰী, কেনে আছে অভিনেতা সুনীল গ্ৰোভাৰ?

 


জনপ্ৰিয় কৌতুক অভিনেতা সুনীল গ্ৰোভাৰক হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কৰা হৈছিল হৃদযন্ত্ৰৰ বাই পাছ ছাৰ্জাৰী। সম্প্ৰতি সুনীলক মুম্বাইৰ এখন চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে তেওঁৰ অনুৰাগীসকলে অভিনেতাজনক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। এনে উদ্বেগৰ নিৰসন ঘটাই বৃহস্পতিবাৰে সুনীলে (Sunil Grover) টুইট কৰি সকলোকে ধন্যবাদ জনাই আৰু নিজৰ স্বাস্থ্যৰ খবৰ দিয়ে।

উল্লেখ্য, সুনীল গ্ৰোভাৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ খবৰে বহুতকে আচৰিত কৰিছিল।  তেওঁৰ বাইপাছ অস্ত্ৰোপচাৰ কৰা হৈছিল মুম্বাইৰ এছিয়ান হাৰ্ট ইনষ্টিটিউটত। ২৭ জানুৱাৰীত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয় আৰু ৩ ফেব্ৰুৱাৰীত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।

Post a Comment

0 Comments