সুনীল গ্ৰোভাৰৰ হৃদযন্ত্ৰত ব্লকেজ ধৰা পৰিছে; নতুন ৱেব ছিৰিজৰ চিত্ৰগ্ৰহণৰ পিছতে অস্ত্ৰোপচাৰ

 


সুনীল গ্ৰোভাৰ (Sunil Grover)ৰ হৃদযন্ত্ৰৰ অসুস্থতা ধৰা পৰিছে। অভিনেতাজনৰ হৃদযন্ত্ৰত ব্লকেজ (Heart Blockage) ধৰা পৰিছে আৰু অস্ত্ৰোপচাৰ (Surgery) কৰা হৈছে। এক সূত্ৰই প্ৰকাশ কৰিছে যে অভিনেতাজনৰ অস্ত্ৰোপচাৰৰ বাবে যোৱাৰ আগে আগে নতুন ৱেব ছিৰিজ (New Web Series)ৰ চিত্ৰগ্ৰহণ কৰি আছিল।

"তেওঁ অলপতে পুনেত এটা ৱেব ছিৰিজৰ বাবে দৃশ্যগ্ৰহণ কৰিছিল যদিও তেওঁৰ স্বাস্থ্যৰ অৱস্থা বেয়া আছিল। কিন্তু এজন পৰম পেছাদাৰীৰ দৰে দৃশ্যগ্ৰহণ সমাপ্ত কৰিছিল আৰু তাৰ পিছতহে চিকিৎসাৰ বাবে গৈছিল। সুনীলৰ হৃদয়ত ব্লকেজ আছিল কিন্তু তথাপি তেওঁ নিৰ্ধাৰিত দৃশ্য কেইটাৰ দৃশ্যগ্ৰহণ কৰিছিল," সূত্ৰটোৱে এইদৰে জনায় NEWS18ক। কিন্তু অভিনেতাজনে এই সম্পৰ্কে এটাও মন্তব্য কৰা নআই।

সুনীল গ্ৰোভাৰক শেষবাৰৰ বাবে Zee5ৰ ৱেব ছিৰিজ 'স্নো ফ্লাৱাৰ'ত আশীষ বিদ্যাৰ্থী, ৰণবীৰ শোৰে, গিৰীশ কুলকাৰ্ণী আৰু মুকুল চাড্ডাৰ সৈতে দেখা গৈছিল। অভিনেতাজনক যোৱা বছৰ ছইফ আলী খানৰ সৈতে 'তাণ্ডৱ'ত দেখা গৈছিল। অভিনেতাজনেছিৰিজটোত এক গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ণ কৰিছিল।

ডাঙৰ পৰ্দাত সুনীল গ্ৰোভাৰক শেষবাৰৰ বাবে চছলমান খান আৰু কেটৰিনা কাইফৰ সৈতে ভাৰতত দেখা গৈছিল। অভিনেতাজনে চিনেমাখনত ছলমানৰ বন্ধুৰ চৰিত্ৰত অভিনয় কৰিছিল। অভিনেতা-কৌতুক অভিনেতাজন শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি এখনৰো অংশ বুলি উৰাবাতৰি ওলাই আছে যিখন এটলীয়ে পৰিচালনা কৰিছে।

যদিও তেওঁ বহুতো চিনেমা আৰু অনুষ্ঠানত অভিনয় কৰিছে, অভিনেতাজনে দ্য কপিল শৰ্মা শ্ব'ত গুট্টি আৰু ডাক্ৰটৰ মছুৰ গুলাটীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সৰ্বাধিক পৰিচিত। অৱশ্যে এক বিবাদৰ বাবে সুনীলে অনুষ্ঠানটো এৰি যোৱাৰ সিদ্ধান্ত লয়।

Post a Comment

0 Comments