বিশিষ্ট গীতিকাৰ, সংগীত পৰিচালক অপূৰ্ব বেজবৰুৱাৰ দেহাৱসান

 


ৰাজ্যৰ সাংস্কৃতিক জগতৰ এক কৰুণ খবৰ, জনপ্ৰিয় কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱা আৰু নাই। গুৰুতৰভাৱে অসুস্থ জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱাক ব্ৰেইন ষ্ট’কত (Stroke) আক্ৰান্ত হোৱাত (Singer apurba bezbaruah)  সংকটজনক অৱস্থাত  দিছপুৰ পলিক্লিনিক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

সোমবাৰে পুৱা প্ৰায় ১০ বজাত শিল্পীগৰাকীয়ে অসুস্থতা অনুভৱ কৰে আৰু অচেতন হৈ পৰে। তেওঁক লগে লগে এম্বুলেন্সেৰে হাস্পতাললৈ অনা হয়। কিন্তু সংকটজনক অৱস্থাত থকা কণ্ঠশিল্পীগৰাকীক বচাব পৰা নগ'ল। বুধবাৰে বিয়লি  তেওঁৰ দেহাৱসান ঘটে।

বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুৰ খবৰে ৰাজ্যবাসীক শোকাকুল কৰি তুলিছে (apurba bezbaruah passes away)। সংগীত পৰিচালক অপূৰ্ব বেজবৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়- আধুনিক অসমীয়া সংগীতক বিশেষ মাত্ৰা প্ৰদান কৰা এইগৰাকী শিল্পীৰ মৃত্যু ৰাজ্যখনৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি । প্ৰয়াত শিল্পীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে মুখ্যমন্ত্ৰীয়ে৷

Post a Comment

0 Comments